অসম

assam

ETV Bharat / state

Palm oil plantation in Assam: অসমত সৰ্বনাশী তৈল খেজুৰৰ খেতিৰ ঘোৰ বিৰোধিতা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ - Impact of palm oil

“সৰ্বনাশী তৈল খেজুৰৰ খেতিৰ বাবে অসম আৰু উত্তৰ-পূৱক নিৰ্বাচন কৰি লোৱা হৈছে কিয় ? আৰু এই সৰ্বনাশী পদক্ষেপত অসমৰ মুখ্যমন্ত্ৰীয়ে হাত উজানহে দিছে ৷” এই মন্তব্যৰে তৈল খেজুৰৰ খেতিৰ অভিযান বাতিল কৰিবৰ বাবে ৰাজ্য চৰকাৰক সকীয়নি অসম প্ৰদেশ কংগ্ৰেছৰ হৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ৷

Palm oil plantation in Assam
Palm oil plantation in Assam

By

Published : Aug 19, 2023, 4:26 PM IST

তৈল খেজুৰৰ খেতিৰ অভিযান বাতিল কৰিবৰ বাবে ৰাজ্য চৰকাৰক সকীয়নি APCCৰ

গুৱাহাটী, ১৯ আগষ্ট: অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত তৈল খেজুৰৰ খেতিৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনাৰে অসম প্ৰদেশ কংগ্ৰেছৰ গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদমেল ৷ জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে ৰাজ্যত ব্যাপক হাৰত আৰম্ভ কৰা তৈল খেজুৰৰ খেতিৰ বিৰোধিতা কৰি শনিবাৰে কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰে ৷

তৈল খেজুৰৰ খেতিৰ বাবে ভাৰত চৰকাৰে ২০২১ চনত ১১ হাজাৰ ৪০ কোটি টকাৰ ৰাজসাহাৰ্য ধাৰ্য কৰিছিল উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰত ৷ তেতিয়াই কংগ্ৰেছ দলৰ হৈ সাংসদগৰাকীয়ে অসম তথা উত্তৰ-পূৱৰ জৈৱ বৈচিত্ৰত পৰিব পৰা ব্যাপক নেতিবাচক প্ৰভাৱৰ কথা উল্লেখ কৰি তৈল খেজুৰৰ বিৰোধিতা কৰিছিল বুলি তথ্য দাঙি ধৰে ৷

বৰদলৈয়ে কয়, “২০২১ৰ পৰাই মই ইয়াৰ বিৰোধিতা কৰি আহিছো ৷ ইয়াৰ বিৰুদ্ধে ৮ অক্টোবৰত ২০২১তে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখা উপৰিও সংসদত একাধিকবাৰ এই খেতি বন্ধ কৰিবৰ বাবে দাবী উত্থাপন কৰিছিলো ৷ দেশৰ কৃষি মন্ত্ৰীলৈয়ো পত্ৰ লিখিছিলো ৷”

লগতে তেঁও উল্লেখ কৰে যে তেওঁৰ উপৰিও যৌথভাৱে উত্তৰ-পূৱৰ ৬ গৰাকী সাংসদে তৈল খেজুৰৰ খেতিৰ মিচনটো প্ৰযোজ্য নকৰিবলৈ পত্ৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাইছিল । কিন্তু সকলো গালো বালো খোলাকটি তাল হ’ল...৷ প্ৰদ্যুৎ বৰদলৈয়ে সংবাদমেল উল্লেখ কৰে ৷

উত্তৰ-পূৰ্বাঞ্চলৰ গছ-গছনিৰ লগত তৈল খেজুৰৰ খেতিৰ প্ৰকৃতি একে নহয় । তৈল খেজুৰ এবিধ জৈৱ-বৈচিত্ৰ ধ্বংস কৰা থেতি ৷ ভাৰত চৰকাৰে এই খেতি জাপি দিব বিচাৰিছে অসমৰ ওপৰত ৷ পাম অইল খেতিৰ মূল এজেণ্ট হৈছে ৰামদেৱ ৷ ৰামদেৱৰ লগত লগ লাগিছে আদানী।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পাৰিপাৰ্শ্বিকতাৰ লগত মিল নথকা তৈল খেজুৰৰ বাবে উঠি পৰি লাগিছে খোদ বিজেপি চৰকাৰ ৷ ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত পাম অইল খেতিৰ বাবে উঠি পৰি লাগি অসম চৰকাৰে পতঞ্জলিৰ লগত চুক্তি কৰিছে। এই বিষয়ত নেতৃত্ব লৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে। এই কথাত গভীৰ উদ্বিগ্নতা প্ৰকাশ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ।

“গৱেষক আৰু বিজ্ঞানীসকলে কৈছে তৈল খেজুৰৰ খেতিয়ে পাৰিপাৰ্শ্বিকতা ধ্বংস কৰিব। মৰুভূমিত পৰিণত হ’ব অসম। এই প্ৰসংগত ২০২০ তে প্ৰধানমন্ত্ৰীলৈ আমি চিঠি লিখিছিলো ৷ কিন্তু আমাক উত্তৰ নিদিলে,” এই মন্তব্য কৰি অসমত তৈল খেজুৰৰ খেতি বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক সকীয়নি প্ৰদানৰে দাবী জনায় প্ৰদ্যুৎ বৰদলৈয়ে ৷

আনহাতে যদিহে ২০২৪ত দেশ I.N.D.I.Aৰ চৰকাৰ গঠন হয় তেন্তে অসমৰ তৈল খেজুৰৰ খেতিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ সাংসদগৰাকীয়ে পৰোক্ষ উত্তৰ দিলে এইদৰে,“কংগ্ৰেছ পূৰ্বেও কোনো ধৰণে জনবিৰোধী কামত সহযোগ কৰা নাই ৷ পৰৱৰ্তী সময়তো বিজ্ঞান আৰু যুক্তিয়ে বেয়া বুলি প্ৰতিপন্ন কৰা যিকোনো সৰ্বনাশী জনবিৰোধী কামৰ পৰা দলটো আঁতৰি থাকিব ৷”

লগতে পঢ়ক:Palm oil plantation in Assam: কেন্দ্ৰৰ সৰ্বনাশী সিদ্ধান্তক সাৰ্থকতা প্ৰদান কৰি মুখ্যমন্ত্রীয়ে ৰোপণ কৰিলে পাম অইলৰ গছপুলি; ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details