গুৱাহাটী, ১ অক্টোবৰ : হকে বিহকে অবাঞ্চিত মন্তব্য কৰি পদে পদে কংগ্ৰেছক বিপদত পেলোৱা বিধায়ক শ্বেৰমান আলী আহমেদলৈ অৱশেষত প্ৰদেশ কংগ্ৰেছে আজি পুৱাতেই জাৰি কৰিছে কাৰণ দৰ্শোৱাৰ জাননী । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তিনি দিনৰ ভিতৰত এই জাননীৰ উত্তৰ দিবলৈ বহুবল্কী বিধায়কজনক নিৰ্দেশ দিছে ।
জাননীখনত কোৱা হৈছে যে, অসম আন্দোলনৰ শ্বহীদক লৈ তেওঁ কৰা সাম্প্ৰদায়িক মন্তব্য কোনো কাৰণতে কংগ্ৰেছ দলে সহজে গ্ৰহণ নকৰে । এজন আইন প্ৰণেতাৰ মুখত এনে ধৰণৰ মন্তব্য শোভা নাপায় । তেওঁৰ এনে মন্তব্যই কংগ্ৰেছ দলৰ মান-মৰ্যাদা হানি কৰিছে । বিশেষকৈ উপ-নিৰ্বাচনৰ পূৰ্বে তেওঁ কৰা এনে সাম্প্ৰদায়িক মন্তব্যই শান্তি-সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে ।
জাননীখনত লগতে এইবুলিও কোৱা হৈছে যে, ইয়াৰ পূৰ্বেও দুবাৰকৈ তেওঁ সংবাদ মাধ্যমৰ আগত বিভিন্ন বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰিছিল । যিয়ে কংগ্ৰেছ দলক অস্বস্তিত পেলাইছিল । তেওঁক তেতিয়াও সকীয়াই দিয়া হৈছিল ।