অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ দিনত 90% বাজেট প্ৰতিশ্ৰুতি ৰূপায়িত হোৱা নাছিল: মুখ্যমন্ত্ৰী

২০০১ চনৰ পৰা ২০১৫ চনলৈ ৰাজ্যত শাসন চলোৱা কংগ্ৰেছৰ চৰকাৰৰ আমোলত বাৰ্ষিক বাজেটৰ ৯০ শতাংশ প্ৰতিশ্ৰুতিয়েই বাস্তৱায়িত হোৱা নাছিল ।‌‌ ২০১৬ চনৰ পিছত বিজেপি চৰকাৰে দাখিল কৰা বাজেটৰ প্ৰতিটো প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰা হৈছে । বিধানসভাৰ মজিয়াত মঙলবাৰে এই বিষয়ত দাবী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।‌

By

Published : Jul 20, 2021, 4:46 PM IST

CM Himanta Biswa Sarma Reaction on Govt Scheme implementation
কংগ্ৰেছৰ দিনত বাজেট প্ৰতিশ্ৰুতি পূৰণ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ২০ জুলাই: কংগ্ৰেছৰ‌ শাসনৰ সময়ত(২০০১-২০১৫) যিবোৰ বাজেট বিধানসভাৰ মজিয়াত দাখিল কৰা হৈছিল, তাৰ ৯০ শতাংশ প্ৰতিশ্ৰুতিয়েই বাস্তৱায়িত কৰা হোৱা নাছিল । মঙলবাৰে বিধানসভাৰ মজিয়াত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনৰ অন্যতম কাণ্ডাৰী খোদ হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত কৰা এই মন্তব্য লক্ষণীয় হিচাপে বিবেচিত হৈছে । মঙলবাৰে পুৱাৰে পৰা বিধানসভাৰ মজিয়াত কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইনকে ধৰি একাংশ বিধায়কে কৰা সমালোচনাৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে ।‌‌

তেওঁৰ মতে, বিজেপি চৰকাৰৰ বাজেটৰ ধন আৰু প্ৰতিশ্ৰুতি কাৰ্যকৰী হোৱা নাই বুলি কৰা‌ অভিযোগৰ কোনো অৰ্থ নাই । ২০১৬ চনৰ পৰা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে মুঠ ৫২ খন ধ্বজাবাহী আঁচনিৰ কথা ঘোষণা কৰিছিল ৷ সেই আটাইকেইখন আঁচনিকে বিজেপি চৰকাৰে যোৱা পাঁচটা বছৰত সফলতাৰে ৰূপায়ণ কৰিছে । অৰুণোদয়, স্বয়ম, অন্ন যোজনা, অসমমালা, জোতিস্মান, অৰুন্ধতী আদি প্ৰতিখন আঁচনি প্ৰতিশ্ৰুতি অনুসৰি বাস্তবায়িত হৈছে ।

আনহাতে, এইবাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা ১.৭ কোটি ব্যয় সাপেক্ষ বাজেট ১০ আগষ্টত আহিবলগীয়া এখন ছাপ্লিমেন্টেৰী বাজেটে ১.১০ কোটিলৈ বৃদ্ধি কৰিব ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাও সদনক জনায় । তদুপৰি বিৰোধীৰ বাজে‌ট সমালোচনাক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি ৰাজ্য চৰকাৰসমূহে জিডি‌পিৰ ২৮.৫ শতাংশ ঋণ ল'ব পাৰে । অসম চৰকাৰে এতিয়ালৈকে ২২ শতাংশহে ঋণ লৈছে ।

গতিকে আৰু ৬.৫ শতাংশ ঋণ ল'ব পৰা‌ হৈ আছে । তেওঁৰ মতে ৰাজ্য চৰকাৰে যোৱা পাঁচটা বছৰত যি পৰিমাণৰ কৰে ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে, তেনে পৰিমাণৰ কৰে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে পোন্ধৰ বছৰতো সংগ্ৰহ কৰিব পৰা নাছিল । কেৱল সেয়ে নহয়, যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰলৈ ২৫০০০ কোটি টকা আগবঢ়াইছিল, যি এক অভিলেখ ।

সদনৰ মজিয়াত ৰকিবুল হুছেইন, ভৰত নৰহ, আমিনুল ইছলাম আদি বিৰোধী দলৰ বিধায়কক কটাক্ষ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়‌ যে, চৰকাৰে অজন্তা নেওগৰ বাজেটৰ প্ৰতিটো প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰিব । এই বছৰতে চৰকাৰে এক লাখ নিবনুৱাক চাকৰি দিয়াৰ উপৰিও তাৰ তিনিবছৰৰ ভিতৰত পুনৰ এক লাখ চাকৰি দিয়া হ'ব । উল্লেখ্য, মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই বাজেট সমালোচনাৰ প্ৰত্যুত্তৰ দিয়াৰ পিছত বিত্তমন্ত্ৰী অজন্তা নেওগেও সমালোচনাৰ বিপৰীতে তেওঁৰ স্থিতিৰ বাখ্যা আগবঢ়ায় ।

লগতে পঢ়ক: ভাৰত ভূটান সীমান্তত সংঘটিত হ’ল মানৱ সৰবৰাহৰ ঘটনা

ABOUT THE AUTHOR

...view details