অসম

assam

AASU আৰু AJYCP ৰ ঔৰষত জন্ম হোৱা জাতীয় পৰিষদৰ ভৱিষ্যত নাই : চুতীয়া ছাত্ৰ সন্থা

By

Published : Oct 31, 2020, 9:29 PM IST

Updated : Nov 1, 2020, 3:22 PM IST

অসম জাতীয় পৰিষদকলৈ অসন্তষ্ট সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ৷ আঞ্চলিক ৰাজনৈতিক দল জন্ম দি অসমৰ এটাও জ্বলন্ত সমস্যা সমাধান কৰিব নোৱাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক গৰাকীয়ে ৷

Chutiya Student Union Reaction On AASU-AJYCP Forme New Political Party AJP
AASU আৰু AJYCP ৰ অংগুষ্ঠত জন্ম হোৱা জাতীয় পৰিষদৰ ভৱিষৎ নাইঃ চুতীয়া ছাত্ৰ সন্থা

গুৱাহাটী, 31 অক্টোবৰ :সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গৰ্ভত জন্মলাভ কৰা অসম জাতীয় পৰিষদকলৈ অসন্তষ্ট সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ৷ 30 টা জনগোষ্ঠীয় সংগঠনক মাত্ৰ আন্দোলন কৰিবলৈহে ব্যৱহাৰ কৰে বুলি বিস্ফোৰক মন্তব্য প্ৰদান কৰিলে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক মহেন বৰাই ৷

তেওঁ আকৌ কয় যে, আছু আৰু AJYCP ৰ গৰ্ভত জন্ম হোৱা অসম জাতীয় পৰিষদৰ কোনো ভৱিষ্যত নাই ৷ চুতীয়া ছাত্ৰ সন্থাটো বাদেই তেওঁলোকে নাম লৈ থকা 30 টা সংগঠনৰ নেতৃত্বৰ কাৰোৰে লগত আলোচনা নকৰাকৈ নিজাকৈ দল গঠন কৰা বুলিও মন্তব্য নেতা গৰাকীৰ ৷ পৰামৰ্শ সমিতি গঠনৰ প্ৰাক মুহুৰ্তত আছুৱে প্ৰতিটো জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ লগত সুকীয়া-সুকীয়াকৈ আলোচনাত মিলিত হৈ তেওঁলোকৰ সমস্যা সমূহৰ বিষয়ে বুজ লোৱাৰ কথা কৈছিল ৷ কিন্তু কাৰ্যক্ষেত্ৰত সেয়া সম্ভৱ নহ’ল বুলি উল্লেখ কৰিলে সম্পাদক গৰাকীয়ে ৷

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক মহেন বৰাৰ মন্তব্য

লগতে পঢ়ক :কৰ'ণা ভাইৰাছ আল্লাহে প্ৰেৰণ কৰা সৈনিকঃ ইছলামিক ষ্টেট আৰু আল-কায়দা

উল্লেখ্য যে, অসমৰ এটা শক্তিশালী আঞ্চলিক শক্তি গঢ় দিয়া আৰু অসমৰ পৰা সাম্প্ৰদায়িক শক্তিক চিৰদিনলৈ উৎখাত কৰাৰ স্বাৰ্থত প্ৰথম অৱস্থাত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমৰ্থিত দল অসম জাতীয় পৰিষদত চামিল হোৱাৰ পোষকতা কৰিছিল সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই ৷ দল গঠনৰ প্ৰাকমুহূৰ্তত গঠন হোৱা অসম পৰামৰ্শ সমিতি গঠনৰ ক্ষেত্ৰতো বলিষ্ঠ ভূমিকা লৈছিল জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৱে ৷ আনকি, কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মহানগৰীৰ হোটেল প্ৰাগ কণ্টিনেন্টেলত আছুৰ লগতে আন ছাত্ৰ সংগঠনৰ নেতৃত্বৰ লগত একেলগে দেখা গৈছিল সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বক ৷ কিন্তু হঠাৎ অসম জাতীয় পৰিষদৰ পৰা নিজৰ সমৰ্থন উঠাই ল’লে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই ৷ যিটোৱে বৰ্তমান সময়ত এক বিশেষ তাৎপৰ্য বহন কৰিছে ৷ কিয়নো চুতীয়া ছাত্ৰ সন্থাৰ উজনিৰ কেইবাখনো জিলাত আছু বা AJYCP ৰ তুলনাত সাংগঠনিক স্থিতি যথেষ্ট সবল ৷ তেনে প্ৰেক্ষাপটত আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ সমৰ্থিত অসম জাতীয় পৰিষদে জনগোষ্ঠীয় ছাত্ৰ সংগঠনটোৰ সমৰ্থন অবিহনে সেই বিশেষ জিলা কেইখনত আধিপত্য বিস্তাৰ কৰিব নোৱাৰে বুলি উল্লেখ কৰিলে নেতা গৰাকীয়ে ৷

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক মহেন বৰাৰ মন্তব্য

লগতে পঢ়ক :"আলু-পিয়াঁজ" সংৰক্ষণৰ বাবে মিউজিয়ামৰ দাবী আৰ পি শৰ্মাৰ

আনহাতে, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক গৰাকীৰ মতে নৱ গঠিত অসম জাতীয় পৰিষদ বা ৰাইজৰ দল আৰু আন আন নতুনকৈ গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল বিলাকে মাত্ৰ বিজেপি, কংগ্ৰেছ বা এ আই ইউ ডি এফকহে সহায় কৰিব ৷ বহু বিভক্ত হৈ আঞ্চলিক ৰাজনৈতিক দল জন্ম দি অসমৰ এটাও জ্বলন্ত সমস্যা সমাধান কৰিব নোৱাৰে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক গৰাকীয়ে ৷

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক মহেন বৰাৰ মন্তব্য

লগতে পঢ়ক :ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে কৰিমগঞ্জত প্ৰতিবাদ

Last Updated : Nov 1, 2020, 3:22 PM IST

ABOUT THE AUTHOR

...view details