গুৱাহাটী, ২৮ অক্টোবৰ : শনিবাৰে গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অফিচাৰ্ছ ক্লাবত অনুষ্ঠিত হয় কেন্দ্ৰীয় চৰকাৰৰ দশম সংখ্যক ৰোজগাৰ মেলা । এই উপলক্ষে ৰে'লৱে বিভাগ, ডাক সেৱা আৰু সীমান্ত সুৰক্ষা বাহিনীকে ধৰি কেইবাটাও বিভাগত ১০১ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্ৰ বিতৰণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । গুৱাহাটীৰ মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অফিচাৰ্ছ ক্লাবত এই অনুষ্ঠানৰ আয়োজন কৰে উত্তৰ-পূব সীমান্ত ৰে'লৱেয়ে ।
উল্লেখ্য যে এই দশম সংখ্যক ৰোজগাৰ মেলা শনিবাৰে দেশৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে । সমগ্ৰ দেশত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত ৫১ হাজাৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি-পত্ৰ বিতৰণ কৰা হয় । নতুন দিল্লীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দেশৰ বিভিন্ন ঠাইত নিযুক্তি-পত্ৰ গ্ৰহণ কৰা প্ৰাৰ্থীসকলক সম্বোধন কৰে । ইপিনে গুৱাহাটীৰ মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অফিচাৰ্ছ ক্লাবত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই ৰোজগাৰ মেলাই দেশৰ যুৱশক্তিক উদগনি দিছে ।