গুৱাহাটী, ১৪ এপ্ৰিল :আজি গৰু বিহু । ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ (Rongali Bihu celebration in Assam)। চহা গ্ৰাম্য জীৱনৰ দৰে ৰাজধানী চহৰ গুৱাহাটীত গৰু বিহুৰ সেই পৰিৱেশ নাই যদিও বিহুৰ আনন্দ আৰু ব্যস্ততাই চুই গৈছে সকলোকে । গৰু বিহুৰ দিনটোত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সেণোৱালৰো আছে ব্যস্ততাপূৰ্ণ কাৰ্যসূচী ।
পুৱাই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ভাগ লয় লতাশিলৰ ঐতিহ্যমণ্ডিত মুকলি বিহুৰ কাৰ্যসূচীত (Assam CM participates in Latashil Bihu program)। তাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় ৰাজভৱনত । ৰাজ্যপাল জগদীশ মুখীক ৰঙালীৰ ওলগ আৰু অভিনন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে (Assam CM greets Governor on Rangali Bihu)।
একেদৰে আন দুগৰাকী বিশিষ্ট ব্যক্তি অধ্যাপক অনিল গোস্বামী আৰু দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ সাংসদ ৰঞ্জন গগৈৰ ঘৰলৈ গৈও দুয়োকে বিহুৰ ওলগ জনোৱাৰ কাৰ্যসূচী আছে মুখ্যমন্ত্ৰীৰ । আনহাতে সন্ধিয়া মুখ্যমন্ত্ৰীৰ দিছপুৰৰ চৰকাৰী ঘৰৰ চোতাল ঢোলৰ গুমগুমনিত মুখৰ হৈ উঠিব । কিয়নো মুখ্যমন্ত্ৰীৰ চোতালত সন্ধিয়া হুঁচৰি জুৰিব যোৰহাটৰ নকচাৰিৰ এটি হুঁচৰি দলে ।