অসম

assam

ETV Bharat / state

গড়চুকত উদ্ধাৰ অচিনাক্ত যুৱক

অকলশৰীয়াভাৱে ঘূৰি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷ এই পৰ্যন্ত যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ৷

By

Published : Sep 25, 2019, 10:06 AM IST

গড়চুকত উদ্ধাৰ অচিনাক্ত যুৱক

গুৱাহাটী, 25 চেপ্তেম্বৰঃ মহানগৰীৰ গড়চুকত উদ্ধাৰ এজন অচিনাক্ত যুৱক । অকলশৰীয়াভাৱে ঘূৰি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । পিচত গড়চুক আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি লৈ আহে থানালৈ। মানসিকভাৱে অসুস্থ বুলি জানিব পৰা গৈছে যুৱকজন । যাৰ বাবে পৰিচয় লাভ কৰিব পৰা নাই আৰক্ষীয়ে ৷ কোনো সদাশয় লোকে যুৱকজনক চিনি পালে গড়চুক আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে আৰক্ষীয়ে।

ABOUT THE AUTHOR

...view details