গুৱাহাটী, ২ নৱেম্বৰ :অৱশেষত, অন্ত পৰিল সকলো জল্পনা-কল্পনাৰ । উপনিৰ্বাচনৰ পাঁচটা সমষ্টিতে জয়ী হ'ল বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী । বিজেপিয়ে তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰি তিনিখনতে জয়ী হ'বলৈ সক্ষম হ'ল । আনহাতে, মিত্রদল ইউ পি পি এলে প্ৰতিদ্বন্দ্বিতা কৰা দুয়োখন আসনতে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হ'ল ।
৫ টা সমষ্টিতে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰি বিৰোধী শূন্য কৰিলে । কংগ্ৰেছ, বি পি এফ আৰু এ আই ইউ ডি এফ দলে নিজৰ দখলত থকা সমষ্টি উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল । মৰিয়নি সমষ্টিত বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ল বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী ।
বিধায়ক পদ আৰু কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰি উপনিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰূপজ্যোতি কুৰ্মীয়ে পুনৰ মৰিয়নি সমষ্টি নিজৰ দখললৈ আনিবলৈ সক্ষম হ'ল । তেওঁ ৫৫,৪৮৯ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰাৰ্থী কংগ্ৰেছৰ লোহিত কোঁৱৰে লাভ কৰে ১৫,৩৮৫ টা ভোট । ৰূপজ্যোতি কুৰ্মী ৪০,১০৪ টা ভোটৰ ব্যৱধানত জয়ী হয় ।
আনহাতে, ভৱানীপুৰ সমষ্টিত বিপুল ভোটত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰে । বিধায়ক পদ আৰু এ আই ইউ ডি এফ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা ফণী তালুকদাৰে ভৱানীপুৰ সমষ্টিৰ উপনিৰ্বাচনত বিজেপিৰ হৈ অৱতীৰ্ণ হৈছিল । তেওঁ ৬৪,২০০ টা ভোট লাভ কৰি জয়যুক্ত হোৱাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসে লাভ কৰিছে ৩৮,৫৫৯ টা ভোট । তেওঁ ২৫,৬৪১ টা ভোটৰ ব্যৱধানত জয়ী হৈছে । তৃতীয় স্থানত এ আই ইউ ডি এফৰ প্ৰাৰ্থী জুব্বাৰ আলীয়ে ৬,৩৭৮ টা ভোট লাভ কৰিছে ।