গুৱাহাটী,20 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি আৰু সমৰ্থন জনাবলৈ ৰাইজৰ লগতে দলীয় কাৰ্যকৰ্তাক অনুৰোধ বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীৰ ৷ "নিজে সুস্থ থাকিলেহে জগত সুস্থ থাকিব" বোলা প্ৰধানমন্ত্ৰী গৰাকীৰ মূলমন্ত্ৰক ৰাইজৰ মাজত সজাগতাৰ বাবে চলোৱা অভিযানৰ সময়ত ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায় ৰঞ্জিত দাসে ৷
প্ৰধানমন্ত্ৰীৰ জনতা কাৰ্ফিউৰ আহ্বানক সঁহাৰি ৰঞ্জিত দাসৰ
কৰ’ণা ভাইৰাছৰ ত্ৰাস অব্যাহত সমগ্ৰ ভাৰতবৰ্ষত ৷ এই ত্ৰাসক নেওচি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনতা কাৰ্ফিউৰ আহ্বান জনাইছে ৷ 22 মাৰ্চৰ পুৱা 7 বজাৰ পৰা নিশা 9 বজালৈ পালন কৰা হ’ব জনতা কাৰ্ফিউ ৷
জনতা কাৰ্ফিউ
তাৰোপৰি 22 মাৰ্চৰ পুৱা 7 বজাৰ পৰা নিশা 9 বজালৈকে "জনতা কাৰ্ফিউ" পালন কৰাৰ বাবে ৰাইজক আহ্বান জনায় । বিশেষকৈ চিকিৎসক, ধাত্ৰী, আৰক্ষী, চৰকাৰী একাংশ কৰ্মচাৰীৰ লগতে সংবাদকৰ্মীকে ধৰি জৰুৰীকালীন সেৱা আগবঢ়োৱা ব্যক্তিক সন্মান জনাবলৈ 22 মাৰ্চৰ বিয়লি 5.05 বজাত দেশৰ প্ৰত্যেককে নিজৰ ঘৰৰ পৰা হাত চাপৰি বজাই সমৰ্থন কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷
লগতে চাওকঃনিৰ্ভয়া কাণ্ডঃ কি হয় 'ব্লেক ৱাৰেণ্ট'!