অসম

assam

ETV Bharat / state

নিবার্চনলৈ সাজু বিজেপি: চাৰি জ্যেষ্ঠ নেতাই বিচাৰিলে ৰাইজৰ পৰামর্শ

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মঙলবাৰে সমাগত বিধানসভা নির্বাচনৰ দলীয় নির্বাচনী ইস্তাহাৰ প্ৰকাশ সন্দৰ্ভত এখন গুৰুত্বপূর্ণ সংবাদমেল অনুষ্ঠিত হৈ যায় । অনুষ্ঠানত উপস্থিত থাকি প্রাক্তন সাংসদ তথা ৰাজ্যিক বিজেপিৰ প্রাক্তন সভাপতি নাৰায়ণ চন্দ্ৰ বৰকটকীয়ে কয় যে, জনসাধাৰণৰ সর্বাংগীন উন্নয়নৰ স্বাৰ্থৰ হকে বিজেপিয়ে এইবাৰ পােন প্ৰথমবাৰৰ বাবে সমাজৰ সকলাে শ্ৰেণীৰ লােকৰ দিহা পৰামর্শ গ্রহণ কৰি দলীয় নির্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ।

bjp-press-meet-at-ghy
নিবার্চনলৈ সাজু বিজেপি: চাৰি জ্যেষ্ঠ নেতাই বিচাৰিলে ৰাইজৰ পৰামর্শ

By

Published : Jan 19, 2021, 8:57 PM IST

গুৱাহাটী, 19 জানুৱাৰী : গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মঙলবাৰে সমাগত বিধানসভা নির্বাচনৰ দলীয় নির্বাচনী ইস্তাহাৰ প্ৰকাশ সন্দৰ্ভত এখন গুৰুত্বপূর্ণ সংবাদমেল অনুষ্ঠিত হৈ যায় । অনুষ্ঠানত উপস্থিত থাকি প্রাক্তন সাংসদ তথা ৰাজ্যিক বিজেপিৰ প্রাক্তন সভাপতি নাৰায়ণ চন্দ্ৰ বৰকটকীয়ে কয় যে, জনসাধাৰণৰ সর্বাংগীন উন্নয়নৰ স্বাৰ্থৰ হকে বিজেপিয়ে এইবাৰ পােন প্ৰথমবাৰৰ বাবে সমাজৰ সকলাে শ্ৰেণীৰ লােকৰ দিহা পৰামর্শ গ্রহণ কৰি দলীয় নির্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ।

সংবাদমেলত চাৰি জ্যেষ্ঠ নেতাৰ মন্তব্য

তেওঁ কয় যে, এই প্রচেষ্টাত যাতে সমাজৰ সকলাে শ্ৰেণীৰ জনসাধাৰণক একেলগে লৈ আগবাঢ়ি যাব পাৰি তাৰ বাবে দলীয় কার্যকর্তাসকলে ৰাজ্যৰ চুকে-কোণে গৈ ৰাইজৰ পৰামর্শ গ্রহণ কৰিব । 'mission100plus.in' এই ৱেবছাইটত ৰাইজে নিজৰ দিহা পৰামর্শ আগবঢ়োৱাৰ লগতে সকলাে ধৰণৰ তথ্য লাভ কৰিব ।

লগতে পঢ়ক :দেৰগাঁৱত ১৮ লাখ টকাৰ জাল নোটসহ দুজনক গ্ৰেপ্তাৰ

আনহাতে, 73832 এই নম্বৰত দিয়া মিছকলৰ যােগেদিও দিহা পৰামর্শ দিব পাৰিব । সংবাদমেলত বক্তব্য দাঙি ধৰি প্রাক্তন সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেত্রী বিজয়া চক্ৰৱৰ্তীয়ে কয় যে, বিজেপি হৈছে ৰাইজৰ প্রতি সমর্পনৰ মনােভাৱেৰে কাম কৰি অহা এটা দল আৰু সেয়েহে ৰাইজৰ স্বার্থ আগত ৰাখি এইবাৰ ব্যতিক্রমী পদক্ষেপেৰে নির্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰাৰ ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰিছে ।

তেওঁ এই ক্ষেত্ৰত সকলােৰে সহায় সহযােগিতা পাব বুলি আশা প্রকাশ কৰে । প্রাক্তন সাংসদ তথা কেন্দ্রীয় চৰকাৰৰ প্রাক্তন ৰাজ্যমন্ত্রী ৰাজেন গোঁহাইয়ে কয় যে, ৰাজনৈতিক ইতিহাসত বিজেপিয়ে পােন প্ৰথমবাৰৰ বাবে এনে ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰিছে ৷ বুধবাৰৰ পৰা আৰম্ভ হ'বলগীয়া ৰাজ্যিক বিজেপিৰ এই কাৰ্যসূচী অহা 31 তাৰিখে সম্পূর্ণ হৈ উঠিব বুলি তেওঁ প্ৰকাশ কৰে । সমগ্ৰ দেশতে ৰূপায়ন কৰিবলগীয়া এই দৃষ্টান্তমূলক পদক্ষেপ ইতিমধ্যে পশ্চিমবংগত কাৰ্যত ৰূপায়ণ কৰা হৈছে ।

উল্লেখ্য যে, মঙলবাৰৰ সংবাদমেলত বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকা, ৰাজ্যিক বিজেপিৰ উপ-সভাপতিদ্বয় জয়ন্ত কুমাৰ দাস, স্বপ্ননীল বৰুৱাৰ লগতে ৰাজ্যিক বিষয়ববীয়া আৰু দলীয় কার্যকর্তাসকলাে উপস্থিত আছিল ।

লগতে পঢ়ক :33 বছৰে বিকল হৈ থকা এখন জলসিঞ্চন আঁচনি

ABOUT THE AUTHOR

...view details