অসম

assam

ETV Bharat / state

বিজেপিত খদমদম: মাজুলীত প্ৰাৰ্থী হ'ব কোন ?

মাজুলীৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীক লৈ বিবুদ্ধি বিজেপিৰ শীৰ্ষ নেতৃত্ব (BJP leadership confused over Majuli bypoll candidate)। প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মতামত হ'ব অতি গুৰুত্বপূৰ্ণ । পিছে মাজুলীৰ প্ৰাৰ্থীৰ বাবে কাৰ নাম বেছিকৈ চৰ্চা হৈছে বিজেপিৰ ভিতৰচ'ৰাত ?

Majuli bypoll
মাজুলীত প্ৰাৰ্থী হ'ব কোন

By

Published : Feb 6, 2022, 3:32 PM IST

গুৱাহাটী,৬ ফেব্ৰুৱাৰী : বিজেপিত খদমদম লাগিছে । কাৰণ আন একো নহয়, মাজুলীৰ উপ-নিৰ্বাচন (Majuli bypoll 2022)। হাতত আছে কাঁটাই কাঁটাই এমাহ । অৱশ্যে এনেকুৱা এটা উপ-নিৰ্বাচনৰ বাবে শাসনত থকা দল এটাৰ কাৰণে এমাহেই যথেষ্ট । ইতিমধ্যে মাজুলীত বহু চৰ্চিত দলং নিৰ্মাণৰ কাম আৰম্ভ কৰি শাসকীয় দলটোৱে একপ্ৰকাৰ "নিৰ্বাচনমুখী অভিযান" আৰম্ভ কৰিছেই ।

কিন্তু ৭ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া মাজুলীৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী কোন হ'ব, কোন হ'ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী । তাকে লৈহে এতিয়া খদমদম লাগিছে ৰাজ্যিক বিজেপিৰ অভ্যন্তৰত (BJP leadership confused over Majuli bypoll candidate)। বিজেপিৰ এক শীৰ্ষ সূত্ৰই ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা মতে মাজুলীৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত সবাটোকৈ গুৰুত্বপূৰ্ণ হ'ব সৰ্বানন্দ সোণোৱালৰ মতামত । ইতিমধ্যে শনিবাৰেই গুৱাহাটীত আহি উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নিশা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক বৈঠকতো মিলিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱাল । দেওবাৰে অৱশ্যে তেওঁ ত্ৰিপুৰালৈ ৰাওনা হৈছে যদিও গুৱাহাটীলৈ পুনৰ নিশাৰ ভাগত উভতি অহাৰ কথা । স্বাভাৱিকতে মাজুলীৰ প্ৰাৰ্থীগৰাকী বাচনি কৰাৰ ক্ষেত্ৰত সোণোৱালৰ পচন্দ-অপচন্দৰ ওপৰতো বহুখিনি নিৰ্ভৰ কৰিছে । উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী হিচাপে সম্প্ৰতি দলটোৰ বাহিৰে ভিতৰে চৰ্চা চলিছে কেইবাটাও নামক লৈ ।

ৰাজীৱলোচন পেগু

এইসকলৰ ভিতৰত আছে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰাজীৱলোচন পেগু, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অকণ বৰাৰ কাৰ্যকালত সমাজকল্যাণ বিভাগত উঠিৰজা বহিৰজা হৈ বিভিন্ন কেলেংকাৰীৰ অভিযোগত সাঙোৰ খাই পৰা আৰু পৰবৰ্তী সময়ত সুযোগ সুবিধা বুজি বিজেপিত যোগ দিয়া ব্যৱসায়ী ভুৱন গাম, বিজেপি নেতা মাধৱ দেউৰী আৰু হেমচন্দ্ৰ দলে । ৰাজীৱলোচন পেগুৱে ইতিমধ্যে মাজুলী জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছে যদিও এই পৰ্যন্ত বিজেপিত যোগ দিয়া নাই । চৰ্চা চলিছে- টিকটৰ স্বাৰ্থত গেৰুৱা বসন পিন্ধিবলৈ ঠেং দাঙি আছে পেগুৱে ।

ভূৱন গাম

এতিয়া সবাটোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল- এইসকলৰ ভিতৰত সোণোৱালৰ সৈতে আটাইতকৈ "মধুৰ" সম্পৰ্ক কাৰ ? উত্তৰটো হ'ব ভুৱন গাম । গতিকে কপাল এতিয়া ভুৱন গামৰহে ফুলে নে আন কাৰোবাৰ সেয়া খুব বেছি দুই এদিনৰ ভিতৰতে স্পষ্ট হৈ পৰিব ।

লগতে পঢ়ক :APCC president Bhupen Bora: দলৰ সকলোকে সকিয়নী ভূপেন বৰাৰ

ABOUT THE AUTHOR

...view details