গুৱাহাটী, ১১ নৱেম্বৰ : গুৱাহাটী উচ্চ ন্যায়ালয়ত বৃহস্পতিবাৰে পুৱা উপস্থিত হয় বিজেপিৰ প্ৰবীণ নেতা ড৹ সুব্ৰমণিয়ম স্বামী । নিজৰ এক পুৰণি গোচৰ সংক্ৰান্তত গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হয় সুব্ৰমণিয়ম স্বামী । কংগ্ৰেছৰ দিনত তেওঁৰ বিৰুদ্ধে তৰা পুৰণি গোচৰ এটাৰ প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত স্বামীয়ে নিজেই তৰিছিল এক গোচৰ । স্বামীৰ বিৰুদ্ধে তৰা এই গোচৰ মীমাংসাৰ বাবে উচ্চতম ন্যায়ালয়ে প্ৰেৰণ কৰিছিল উচ্চ ন্যায়ালয়লৈ । ন্যায়াধীশ মণীষ চৌধুৰীৰ আদালতত সম্পন্ন হৈছে এই বিচাৰ প্ৰক্ৰিয়া ।
ন্যায় প্ৰক্ৰিয়া সমাপন হোৱাৰ পাছত ন্যায়ালয়ৰ চৌহদত স্বামীয়ে কয় যে, গোচৰৰ ৰায় সংৰক্ষিত আছে । এতিয়া তেওঁৰ কৰিবলগীয়া একো নাই । কংগ্ৰেছৰ শাসনকালতে বিজেপিৰ প্ৰবীণ নেতাগৰাকীৰ বিৰুদ্ধে তৰা হৈছিল এই গোচৰ । ২০১৫ চনত মছজিদৰ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰা বুলি স্বামীৰ বিৰুদ্ধে অভিযোগ উঠিছিল । উক্ত প্ৰসংগক লৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক লেখ আবেদনৰ ভিত্তিত ৰুজু হোৱা গোচৰৰ প্ৰত্যাহ্বান জনাই তেওঁ উপস্থিত হৈছিল ন্যায়ালয়ত ।