কলাক্ষেত্ৰত আয়ুস্মান ভাৰত অনুষ্ঠান - ayushman bharat yojana
অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আয়ুস্মান ভাৰত আঁচনিৰ লগত সংগতি ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৷
গুৱাহাটী, 15 চেপ্তেম্বৰঃ গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়ুস্মান ভাৰতৰ অনুষ্ঠান । ৰাজ্য বিভিন্ন প্ৰান্তৰ পৰা অহা চিকিৎসক আৰু চিকিৎসা কৰ্মীয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত । অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্তীয় তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আয়ুস্মান ভাৰত আঁচনিৰ লগত সংগতি ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে । আয়ুস্মান ভাৰতৰ জৰিয়তে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালসকলে ব্যক্তিগত চিকিৎসাললৈ যোৱা সম্ভৱ হৈছে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ বৰ্তমানলৈ অসমত ব্যক্তিগত 141 খন চিকিৎসালত আয়ুস্মান ভাৰতৰ ব্যৱস্থা থকাৰ বিপৰীতে 38 খন চৰকাৰী চিকিৎসালত এই ব্যৱস্থা থকা বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷