গুৱাহাটী,১৮ আগষ্ট:আৰক্ষীৰ আধুনিকীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ধাৰ্য কৰা পুঁজি লাভৰ পৰা বঞ্চিত হৈছে অসম । লক্ষণীয় বিষয় যে অসম আৰক্ষীক সকলো দিশৰ পৰা সৱল আৰু কৰ্মদক্ষ কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ সময়ত কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনাৰ ছবিখন উন্মোচিত হৈছে ।
লোকসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহ বিভাগৰ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে দাখিল কৰা তথ্যৰ পৰাই এই কথা পোহৰলৈ আহিছে । তথ্য অনুসৰি বিগত পাঁচটা বিত্তীয় বৰ্ষত কেন্দ্ৰই আৰক্ষী আধুনিকীকৰণৰ নামত অসমৰ বাবে মুঠ ১১৯.৪১ কোটি টকা ধার্য কৰিছিল । কিন্তু ধাৰ্য কৰা এই পুঁজিৰ বিপৰীতে কেন্দ্ৰই মোকলাই দিলে মাত্ৰ ১৮.৫৮ কোটি টকা ।
অর্থাৎ আৰক্ষী আধুনিকীকৰণৰ বাবে বাজেটত ধার্য কৰা পুঁজিৰ মাত্ৰ ২২ শতাংশহে কেন্দ্ৰই মোকলাই দিছে । অসমৰ বাবে পাঁচ বছৰত ধার্য কৰা ১১৯.৪১ কোটি টকাৰ ১০০.৮৩ কোটি টকাই মোকলাই নিদিলে কেন্দ্ৰীয় চৰকাৰে ।
তথ্য অনুসৰি ২০১৮-১৯ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় গৃহ বিভাগে আৰক্ষী আধুনিকীকৰণৰ নামত অসমৰ বাবে ধার্য কৰিছিল ২৮.৫৭ কোটি টকা । ইয়াৰ বিপৰীতে মোকলাই দিছিল মাত্ৰ ৫.৬৭ কোটি টকা । ইফালে দুটা বিত্তীয় বৰ্ষ ক্ৰমে ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষত অসমৰ বাবে ২৬.৪ কোটি টকাকৈ ধার্য কৰা হৈছিল যদিও কোনো পুঁজি মোকলাই নিদিলে ।
আনহাতে ২০২১-২২ বিত্তীয় বৰ্ষত ২৬.৪ কোটি টকা ধার্য কৰা হৈছিল যদিও মোকলাই দিলে মাত্ৰ ৯.৩৬ কোটি টকা । ২০২২-২৩ বিত্তীয় বৰ্ষত অসম আৰক্ষীৰ আধুনিকীকৰণৰ বাজেট হ্ৰাস কৰি ১১.৬৪ কোটি টকা কৰা হৈছিল । কিন্তু বাজেট হ্ৰাস কৰাৰ পাছতো সমুদায় ধন মোকলাই নিদিলে । মোকলাই দিলে মাত্ৰ প্ৰায় চাৰি কোটি টকা । অসমৰ প্ৰতি কেন্দ্ৰৰ এনে অবহেলাৰ পৰিণতিতে ৰাজ্যৰ আৰক্ষী থানাসমূহৰ অৱস্থা আজিও অত্যন্ত পুতৌজনক হৈ আছে ।