অসম

assam

ETV Bharat / state

গুৱাহাটীত উপস্থিত ৰাজস্থানত আবদ্ধ অসমৰ 391 গৰাকী শিক্ষাৰ্থী

ৰাজস্থানৰ কোটাত আবদ্ধ হৈ থকা অসমৰ 391গৰাকী শিক্ষাৰ্থী সোমবাৰে পুৱতি নিশা গুৱাহাটীত উপস্থিত হোৱাৰ পিছতেই সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ যোৱা হয় শিক্ষাৰ্থীসকলক ৷ সৰুসজাইত 14 দিনৰ বাবে কোৱাৰেণ্টাইন কৰি ৰখাৰ পিছত শিক্ষাৰ্থীসকলক স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিব বুলি স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে ৷

গুৱাহাটীত উপস্থিত ৰাজস্থানত আবদ্ধ অসমৰ 391 গৰাকী শিক্ষাৰ্থী
গুৱাহাটীত উপস্থিত ৰাজস্থানত আবদ্ধ অসমৰ 391 গৰাকী শিক্ষাৰ্থী

By

Published : Apr 27, 2020, 1:47 PM IST

গুৱাহাটী, 27 এপ্ৰিল:সোমবাৰে পুৱতি নিশা গুৱাহাটীত উপস্থিত হয় ৰাজস্থানৰ কোটাত আবদ্ধ হৈ থকা অসমৰ শিক্ষাৰ্থীসকল। পৰিবহন নিগমৰ বাছেৰে মুঠ 391গৰাকী শিক্ষাৰ্থীৰ দলটোক পোনে পোনে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ যোৱা হয় ।

গুৱাহাটীত উপস্থিত ৰাজস্থানত আবদ্ধ অসমৰ 391 গৰাকী শিক্ষাৰ্থী

উল্লেখ্য যে,স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে পুৱতি নিশা সমগ্ৰ দিশসমূহ তদাৰক কৰে বুলি জানিবলৈ দিয়ে । ইফালে ৰাজস্থানৰ পৰা অহা এই শিক্ষাৰ্থীসকলক 14 দিনৰ বাবে সৰুসজাইত কোৱাৰেণ্টাইন কৰি ৰখা হ’ব।

14 দিনৰ অন্তত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হ’ব । কোৱাৰেণ্টাইন চেণ্টাৰত শিক্ষাৰ্থীসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো ব্যৱস্থা ল'বলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক : নীলাচলৰ বুকুত শিহৰণকাৰী দৃশ্য! জীৱন্ত ছাগলীক টানি নিলে বাঘে

ABOUT THE AUTHOR

...view details