গুৱাহাটী,31 ডিচেম্বৰ:নতুন বছৰৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ উপহাৰ আগবঢ়াইছে অসম চৰকাৰে ৷ দৰ্শনাৰ্থীৰ বাবে 1 জানুৱাৰীৰ পৰা মুকলি কৰা হ’ব অসম ৰাজ্যিক চিৰিয়াখানা ৷ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে চিৰিয়াখানা মুকলি অনুষ্ঠানত উপস্থিত থাকি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই ঘোষণা কৰে ৷ অৱশ্যে কিছু চৰকাৰী নীতি-নিয়মৰ মাজেৰে চিৰিয়াখানা দৰ্শন কৰিব লাগিব দৰ্শনাৰ্থীসকলে ৷ মহামাৰী কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিদিনে সামাজিক দূৰত্ব মানি চিৰিয়াখানালৈ আহিব পাৰিব 1000 দৰ্শনাৰ্থী ৷
দৰ্শনাৰ্থীসকলে অনলাইনৰ জৰিয়তে ক্ৰয় কৰিব লাগিব টিকট ৷ তাৰ বাবে কৰিব লাগিব আগতীয়াকৈ অনলাইন বুকিং ৷ চিৰিয়াখানাৰ প্ৰৱেশদ্বাৰত উপলব্ধ নহ’ব কোনোধৰণৰ টিকট ৷ উল্লেখ্য যে, বিগত মাৰ্চ মাহৰ পৰা কৰ’ণা মহামাৰীৰ ভয়াৱহতাৰ বাবে বন্ধ হৈ আছিল অসম ৰাজ্যিক চিৰিয়াখানা ৷ মূলতঃ জীৱ-জন্তুবোৰৰ সুৰক্ষাৰ স্বাৰ্থত দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হৈছিল ৰাজ্যৰ একমাত্ৰ চিৰিয়াখানাখন ৷ সম্প্ৰতি চিৰিয়াখানাখনলৈ আগমন ঘটিছে নতুন আলহীৰ ৷