গুৱাহাটী, ৬ নৱেম্বৰ : "হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে তথাকথিত পৰিৱৰ্তনৰ নামত সৰ্বসাধাৰণ ৰাইজক এফালৰ পৰা কেকোঁৰা চেপা দিবলৈ আৰম্ভ কৰিছে ।" এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র কুশল শৰ্মা আৰু মেহদী আলম বৰাই এখন সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷
মুখপাত্রদ্বয়ে কয় যে, প্ৰায় প্ৰতিদিনে ঘটি থকা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত চুড়ান্তভাৱে ব্যৰ্থ হোৱা বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে প্ৰতিটো ক্ষেত্ৰতে চৰম ব্যৰ্থতাৰ পৰিচয় দিছে । অসমৰ বেলিকা নতুনত্বৰ চমক দিবলৈ গৈ কিছুদিনৰ আগতে গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ বাবে চৰকাৰী অনুমতি লোৱাৰ উপৰি গৃহ নিৰ্মাণৰ বাবদ চৰকাৰক মাচুল দিব লাগিব বুলি এক আইনী ব্যৱস্থা প্ৰৱৰ্তনৰ ঘোষণা কৰে ৷
ইয়াৰ পাচতে, সমগ্ৰ ৰাজ্যখনত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হোৱাত বাধ্য হৈ চৰকাৰে সেই ব্যৱস্থা স্থগিত ৰাখিছিল । সেই উজুটিৰ পিছত শেহতীয়াকৈ অসম চৰকাৰে নিজৰ পয়াঁ লগা অৰ্থনৈতিক অৱস্থাটো টনকিয়াল কৰিবলৈ য’ত যেনেকৈ পাৰে তেনেকৈ নতুন নতুন কৰ-কাটল লগাই সৰ্বসাধাৰণ ৰাইজৰ ওপৰত চৰম হাৰাশাস্তি আৰম্ভ কৰিবলৈ লৈছে । তাৰে এক নমুনা হিচাপে ৰাজ্যখনৰ ভাড়াঘৰ সমূহৰ ওপৰত চকু দিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ।
লগতে পঢ়ক:75 বছৰ গৰকিলে শিৱসাগৰ মহাবিদ্যালয়ে:মুখ্যমন্ত্ৰীৰ 5 কোটি টকাৰ অনুদান ঘোষণা
সেই অনুসৰি, ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে ‘মডেল ভাড়াঘৰ আইন’ অনুযায়ী ভাড়াঘৰৰ মালিকে নিৰ্ধাৰিত চুক্তিপত্ৰ সম্পাদন কৰিহে ঘৰ ভাড়ালৈ দি'ব পাৰিব । এটা ঘৰ ভাড়াত দিলে সেই সম্পৰ্কীয় সকলো তথ্য ঘৰৰ গৰাকীয়ে চৰকাৰক জনাব লাগিব আৰু ঘৰৰ গৰাকী আৰু ভাড়াতীয়াই একেলগে অথবা সুকীয়া সুকীয়াকৈ এই বিষয়ক প্ৰপত্ৰ চৰকাৰৰ ওচৰত দাখিল কৰিব লাগিব ।