অসম

assam

ETV Bharat / state

মহানগৰীত ব্ৰহ্মপুত্ৰত সলিল সমাধি এজন যুৱকৰ

গুৱাহাটীৰ সোণাৰাম খেলপথাৰত ক্ৰিকেট খেলি সুমিত সিঙে গা ধুবলৈ বুলি ব্ৰহ্মপুত্ৰলৈ গৈছিল । কিন্তু ব্ৰহ্মপুত্ৰৰ সোঁতে উটুৱাই নিয়ে যুৱকজনক । ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱাৰ পাছতেই স্থানীয় ৰাইজে খবৰ দিয়ে ভৰলুমুখ আৰক্ষীক ।

By

Published : May 19, 2019, 6:49 PM IST

Updated : May 19, 2019, 7:02 PM IST

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ এজন যুৱক

গুৱাহাটী, ১৯ মেঃ গুৱাহাটীৰ ভৰলুমুখত অঘটন । ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি এজন যুৱকৰ ৷ মৃত যুৱকজনৰ নাম সুমিত সিং ৷

উল্লখ্য যে গুৱাহাটীৰ সোণাৰাম খেলপথাৰত ক্ৰিকেট খেলি সুমিত সিঙে গা ধুবলৈ বুলি ব্ৰহ্মপুত্ৰলৈ গৈছিল । কিন্তু ব্ৰহ্মপুত্ৰৰ সোঁতে উটুৱাই নিয়ে যুৱকজনক । ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱাৰ পাছতেই স্থানীয় ৰাইজে খবৰ দিয়ে ভৰলুমুখ আৰক্ষীক । ঘটনাস্থলীত SDRF আৰু আৰক্ষীৰ লোক উপস্থিত হৈ সন্ধানহীন যুৱকজনক উদ্ধাৰৰ বাবে অভিযান চলায় । অভিযানত উদ্ধাৰ কৰে সুমিত সিঙৰ মৃতদেহ ৷ সম্প্ৰতি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ।

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ এজন যুৱক

লগতে আন এটা বাতৰি - নগাঁৱৰ প্ৰতিভাৱান শৰীৰ চৰ্চাবিদ-মঞ্চ অভিনেতা প্ৰাণজিৎ ৰাজবংশীৰ অকাল মৃত্যু

Last Updated : May 19, 2019, 7:02 PM IST

ABOUT THE AUTHOR

...view details