অসম

assam

ETV Bharat / state

কোন ক'ত হব প্ৰাৰ্থীঃ ৰূপৰেখা প্ৰস্তুত অসম জাতীয় পৰিষদৰ

অসম জাতীয় পৰিষদৰ ফালৰ পৰা ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে যে ১২৬ টা সমষ্টিতে সন্মিলিত প্ৰাৰ্থী আগবঢ়োৱা হ’ব । কিন্তু কোনকেইটা সমষ্টি ‘ৰাইজৰ দল’ৰ হাতত থাকিব আৰু কোনকেইটাত ‘জাতীয় পৰিষদ’ৰ প্ৰাৰ্থী আগবঢ়োৱা হ’ব সেইয়া এই পৰ্যন্ত চূড়ান্ত হোৱা নাই । এই বিষয়টোক লৈয়ে সোমবাৰে গুৱাহাটীত অনুষ্ঠিত হয় জাতীয় পৰিষদৰ নেতৃত্বৰ এখন অনানুষ্ঠানিক কিন্তু গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকত উপস্থিত আছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ৷

as_ghy_assam-jatiya-parisad-and-raijor-dal-alliance_img_7206058
কোন ক'ত হব প্ৰাৰ্থীঃৰূপৰেখা প্ৰস্তুত অসম জাতীয় পৰিষদৰ

By

Published : Dec 2, 2020, 7:49 PM IST

গুৱাহাটী,2 ডিচেম্বৰঃ সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চ ত্যাগ কৰা প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে অতিশীঘ্ৰে যোগদান কৰিব অসম জাতীয় পৰিষদত ৷ লগে লগেই আছুৰ ঔৰসত জন্ম লোৱা এই ৰাজনৈতিক দলটোৱে লাভ কৰিব নতুন গতি । ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ আনহাতে, ই টিভি ভাৰতে লাভ কৰা তথ্য অনুসৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঔৰষত জন্মলাভ কৰা ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা সন্দৰ্ভটো চলিছে কুজকাৱাজ ৷

অসম জাতীয় পৰিষদৰ ফালৰ পৰা ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে যে ১২৬ টা সমষ্টিতে সন্মিলিত প্ৰাৰ্থী আগবঢ়োৱা হ’ব । কিন্তু কোন কেইটা সমষ্টি ‘ৰাইজৰ দল’ৰ হাতত থাকিব আৰু কোনকেইটাত ‘জাতীয় পৰিষদ’ৰ প্ৰাৰ্থী আগবঢ়োৱা হ’ব সেইয়া এই পৰ্যন্ত চূড়ান্ত হোৱা নাই । এই বিষয়টোক লৈয়ে সোমবাৰে গুৱাহাটীত অনুষ্ঠিত হয় জাতীয় পৰিষদৰ নেতৃত্বৰ এখন অনানুষ্ঠানিক কিন্তু গুৰুত্বপূৰ্ণ বৈঠক ৷ এই বৈঠকত উপস্থিত আছিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ৷

উল্লেখ্য যে, বুধবাৰে অনুষ্ঠিত হোৱা এই বৈঠকতে কেইটামান সমষ্টিৰ প্ৰাৰ্থীৰ এক ৰূপৰেখাও প্ৰস্তুত কৰা হয় । সেই অনুসৰি শদিয়াত জগদীশ ভূঞা, দুলিয়াজানত লুৰিণজ্যোতি গগৈ, টিংখঙত অনুপ ফুকন, ধেমাজিত চিত্তৰঞ্জন বসুমতাৰী, তিনিচুকীয়াত ইজৰাইল নন্দ, পাটাছাৰকুছিত পবিন্দ্ৰ ডেকা, পূৱ গুৱাহাটীত অদীপ ফুকনকে ধৰি কেইবাটাও সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ আলোচনা কৰে দলৰ নেতৃবৃন্দই ৷

লগতে পঢ়ক-মহানগৰীৰ জয়ানগৰতো বৰ অসমৰ স্ৰষ্টাক সোঁৱৰণ

ABOUT THE AUTHOR

...view details