গুৱাহাটী, 25 ফেব্ৰুৱাৰী: ইউক্ৰেইনত যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি (Russia Ukraine crisis) হোৱাৰ পিছত দেশখনত আৱদ্ধ হৈ থকা ভাৰতৰ তথা অসমৰ নাগৰিক বিশেষকৈ শিক্ষাৰ্থীসকলক লৈ উদ্বিগ্ন হৈ পৰা দেখা গৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটী অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ সদৰি কৰা মতে অসমৰ প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থী ইউক্ৰেইনত আৱদ্ধ হৈ আছে (Assamese students in Ukraine)।
মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা জানিব পৰা মতে, ৰাজ্য চৰকাৰে ইউক্ৰেইনত আৱদ্ধ হৈ থকা অসমৰ প্ৰায় ১০০ গৰাকী শিক্ষাৰ্থীৰ তালিকা প্ৰস্তুত কৰি শিক্ষাৰ্থীসকলৰ সুৰক্ষাৰ বাবে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে । মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে জনায় যে, এই সন্দৰ্ভত ভাৰতীয় দূতাবাসৰ সৈতে আলোচনা কৰা হৈছে । ইউক্ৰেইনত থকা আন ভাৰতীয় শিক্ষাৰ্থীসকলৰ লগতে অসমৰ শিক্ষাৰ্থীসকলকো ভাৰতীয় দূতাবাসে দেশলৈ ঘূৰাই আনিব বুলি সদৰি কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।