অসম

assam

ETV Bharat / state

ৰাজ্যত অব‍্যাহত ক’ৰণাৰ সংহাৰী ৰূপ

ৰাজ্যত বৰ্তমানে ক’ভিড-19 আক্ৰান্ত হৈ সুস্থ হোৱাৰ হাৰ ৬.৭১ শতাংশ। চিকিৎসকৰ পৰা পোৱা তথ্য অনুসৰি শেহতীয়াকৈ ৰাজ্যত ক’ভিড-19ত আক্ৰান্তৰ সংখ্যা তুলনামূলকভাৱে কিছু হ্ৰাস পাইছে যদিও ক’ভিড-19ত আক্ৰান্ত হিচাপে চিনাক্ত সকলৰ গৰিষ্ঠ সংখ্যকেই বিভিন্ন লক্ষণ যুক্ত।

By

Published : Sep 18, 2020, 8:14 PM IST

assam  covid -19 updates
ৰাজ্যত অব‍্যাহত ক’ৰণাৰ সংহাৰী ৰূপ

গুৱাহাটী,18 চেপ্তেম্বৰঃ ৰাজ্যত অব‍্যাহত আছে ক’ৰণাৰ সংহাৰ। চৰকাৰী তথ্য অনুসৰি সংহাৰী ক’ৰণাৰ কৱলত পৰি এই মুহুৰ্তলৈকে প্ৰাণ গৈছে ৫২৮ গৰাকীৰ। সমগ্র ৰাজ‍্যত আক্ৰান্ত হৈছে ১,৫০,৩৪৯ গৰাকী। সুস্থ হৈ ঘৰলৈ উভটিছে ১,২১,৬১০ গৰাকীকৈ লোক। এই মুহুৰ্তলৈকে চিকিৎসাধীন হৈ আছে ২৮,২০৮ গৰাকীকৈ ক’ৰণা আক্ৰান্ত লোক। ৰাজ্যত বৰ্তমানে ক’ভিড-19 আক্ৰান্ত হৈ সুস্থ হোৱাৰ হাৰ ৬.৭১ শতাংশ। চিকিৎসকৰ পৰা পোৱা তথ্য অনুসৰি শেহতীয়াকৈ ৰাজ্যত ক’ভিড-19ত আক্ৰান্তৰ সংখ্যা তুলনামূলকভাৱে কিছু হ্ৰাস পাইছে যদিও ক’ভিড-19ত আক্ৰান্ত হিচাপে চিনাক্ত সকলৰ গৰিষ্ঠ সংখ্যকেই বিভিন্ন লক্ষণ যুক্ত। যিটো পূৰ্বতে আছিল লক্ষণবিহীন।

ৰাজ্যত অব‍্যাহত ক’ৰণাৰ সংহাৰী ৰূপ
বিশিষ্ট চিকিৎসক তথা গুৱাহাটী মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ অধীক্ষক ডাঃ অনুপল শৰ্মাৰ মন্তব্যত প্ৰকাশ পোৱা অনুসৰি গুৱাহাটী মহানগৰীত ক’ভিড-19 আক্ৰান্তৰ সংখ্যা পূৰ্বতকৈ কিছু হ্ৰাস পাইছে। কিন্তু শেহতীয়াকৈ ক’ৰণাত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা গৰিষ্ঠ সংখ্যকেই বিভিন্ন লক্ষণ যুক্ত। যাৰ বাবে চিন্তিত হৈ পৰিছে তেওঁলোক। উল্লেখযোগ্য যে,মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত শেহতীয়াকৈ ১৭২ গৰাকীকৈ লোক ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে । আনহাতে ক’ভিড-19ৰ এই ভয়াৱহতাৰ সময়ত কোনো ধৰণৰ চৰকাৰী নীতি নিৰ্দেশনা পালন নকৰা একাংশ নাগৰিকলৈ আহ্বান চিকিৎসক জনৰ -" লক ডাউন শিথিল কৰিলে বুলিয়েই অনাহকত ঘূৰি নুফুৰিব। সামাজিক দূৰত্ব মানি নিজৰ আনকো কোৰোনাৰ পৰা বচাই ৰাখক।'

ABOUT THE AUTHOR

...view details