গুৱাহাটী, ২৮ জুলাই:১০৫ কোটি টকীয়া SCERT কেলেংকাৰীৰ অভিযোগনামা দাখিল মুখ্যমন্ত্ৰী বিশেষ নিৰীক্ষণ কোষৰ । মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে ৮৭ দিনত ১৪৩৩ পৃষ্ঠা জোৰা অভিযোগনামা দাখিল কৰে ৷ মুঠ ২১ জনক অভিযুক্ত কৰি অভিযোগনামা দাখিল কৰে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে ।
অভিযোগ নামত নিলম্বিত আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাকে ধৰি ৬ গৰাকী চৰকাৰী বিষয়া কৰ্মচাৰী এল এন সোণোৱাল , জয় চন্দ্ৰ লহকৰ , সোণমণি নাথ, ৰুবুল আলী, ৰমিজুদ্দিন আহমেদক দোষী সাব্যস্ত কৰাৰ লগতে ৫ জন ঠিকাদাৰ অজিত পাল সিং, বিজয়েতা শৰ্মা , ৰাজেশ যোশী, সৰং ম'ৰে, ৰাহুল আমিনক অভিযুক্ত কৰাৰ লগতে ১০ গৰাকী আৰ টি আই কৰ্মী আৰু সাংবাদিক ক্ৰমে ভাস্কৰজ্যোতি হাজৰিকা, পূজামণি দাস, ৰবিজিত গগৈ , মনোজ দাস, কেশৱ গগৈ, বেনিন দলে, বিদ্যুৎ কলিতা, ডেভিড অধিকাৰী, ৰাজীৱ কাকতি, অনুপ শইকীয়াক দোষী সাব্যস্ত কৰি অভিযোগ নামা দাখিল কৰে ।
উল্লেখ্য যে ইতিমধ্যে ডি এল এড (D El Ed) পাঠ্যক্ৰমৰ নামত অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত (এছ চি ই আৰ টি) সংঘটিত হোৱা ১০৫ কোটিটকীয়া কেলেংকাৰীত ২১ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ৷ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে এছ চি ই আৰ টিৰ প্ৰাক্তন সঞ্চালক তথা আই এ এছ বিষয়া শোৱালি দেৱী শৰ্মা, এছ চি ই আৰ টিৰ মুক্ত দূৰ শিক্ষাৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক তথা নডেল বিষয়া ড৹ এল এন সোণোৱাল, গাণনিক জয়চন্দ্ৰ লহকৰ, ষ্টেন’গ্ৰাফাৰ ৰুবুল আলী, কনিষ্ঠ সহায়ক ৰমিজুদ্দিন, সোণমণি নাথৰ লগতে কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড শেৱালি দেৱী শৰ্মাৰ জোঁৱাই তথা ঠিকাদাৰ ৰাজেশ কুমাৰ যোশী, আন এজন জোঁৱায়েক অজিত পাল সিং সহ ৫ ঠিকাদাৰ, সাংবাদিকসহ ১০ আৰটি আই কৰ্মীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ৷