গুৱাহাটী,৮ জানুৱাৰী :পাঞ্জাৱৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে ৰাজ্যিক বিজেপিয়ে । উল্লেখ্য যে পাঞ্জাৱৰ ফিৰোজপুৰত বুধবাৰে প্ৰধানমন্ত্ৰীৰ ৰেলী বাতিল হোৱা ঘটনাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়াৰ (PM Modi's security breach in Punjab)। সমগ্ৰ ঘটনাটোক লৈ শাসক-বিৰোধী দুয়োপক্ষই প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে ।
শনিবাৰে ঘটনা সন্দৰ্ভত কংগ্ৰেছ নেতৃত্বৰ পাঞ্জাৱ চৰকাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই বিজেপি দলৰ এটা প্ৰতিনিধি দলে ৰাজ্যপাল জগদীশ মুখিক সাক্ষাৎ কৰি স্মাৰক পত্র প্ৰদান কৰে (BJP's memorandum to Governor against Punjab government)। তেওঁলোকে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি স্মাৰক পত্র প্ৰদান কৰে ।