গুৱাহাটী, ৩১ অক্টোবৰ : আৰক্ষীৰ জালত পৰিছে ঘোষ ব্ৰাডাৰ্চৰ স্বত্বাধিকাৰী ৷ ১ কোটি ১০ লাখ টকাৰ ঋণ আত্মসাৎৰ গোচৰত শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় ঘোষ ব্ৰাডাৰ্চৰ স্বত্বাধিকাৰী প্ৰতুল ঘোষক । অভিযোগ অনুসৰি, IDBI বেংকৰ গুৱাহাটীৰ GS ৰোডৰ শাখাৰ পৰা ১ কোটি ১০ লাখ টকা ঋণ লৈ আত্মসাৎ কৰিছিল প্ৰতুল ঘোষে ।
অভিযোগ অনুসৰি, বেংকৰ পৰা টকাখিনি কৃষি বিকাশ যোজনা আৰু ডায়েৰী ডেভেলপমেন্টৰ বাবে লৈছিল ৷ কিন্তু টকাখিনি কৃষি বিকাশ যোজনা আৰু ডায়েৰী ডেভেলপমেন্টৰ বিপৰীতে নিজৰ ব্যক্তিগত কামতহে ব্যৱহাৰ কৰিছিল অভিযুক্ত প্ৰতুল ঘোষে ৷ এই ঋণ লোৱা টকাখিনি সময়মতে বেংকক ঘূৰাই নিদিয়াৰ অভিযোগ উত্থাপন হৈছিল প্ৰতুল ঘোষৰ বিৰুদ্ধে ।
যাৰ বাবে IDBI বেংকৰ কলকাতাৰ মুখ্য শাখাৰ জেনেৰেল মেনেজাৰগৰাকীয়ে প্ৰতুল ঘোষৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ । সেই গোচৰৰ ভিত্তিতেই শনিবাৰে সন্ধিয়া ভঙাগড়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় প্ৰতুল ঘোষক । আজি অৰ্থাৎ দেওবাৰে আদালতত হাজিৰ কৰা হ’ব প্ৰতুল ঘোষক ৷ জানিব পৰা মতে, প্ৰতুল ঘোষক ৭ দিনৰ জিম্মাত বিচাৰিব BIEO (Bureau of Investigation Economic Offences) য়ে ।