গুৱাহাটী, 28 নৱেম্বৰ : সঘন বিদ্যুৎ মাচুল বৃদ্ধিৰে ৰাজ্যবাসীক মাধমাৰ শোধাই অহা এ পি ডিচি এলে বিদ্যুৎ চুৰ কৰা পুঁজিপতিৰ উদ্যোগক কোটি টকাৰ মাচুল ৰেহাই দিয়া বুলি অভিযোগ কৰিছে আপ অসমে (AAP Assam)৷ এই সম্পৰ্কত সোমবাৰে আপ অসমৰ গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা হয় এখন সংবাদমেল ৷
সংবাদমেলত আপ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই অভিযোগ কৰি কয় যে লোকচানৰ দোহাই দি সঘনাই বিদ্যুৎ মাচুল বৃদ্ধি কৰা এ পি ডি চি এলে পুঁজিপতি গোষ্ঠীৰ উদ্যোগ এটাক ২১ কোটি টকা বিদ্যুৎ মাচুল ৰেহাই দিছে (APDCL Tariff Exemption)। বিদ্যুৎ চুৰি কৰাৰ বাবে এই উদ্যোগটোক ২৫.৪৩ কোটি টকাৰ বিল দিছিল এ পি ডি চি এলে । কিন্তু ৰহস্যজনকভাৱে APDCL Empowered committee এ উক্ত উদ্যোগটোক ২১ কোটি টকা ৰেহাই দি মাত্ৰ ৪.৩৩ কোটি টকা মাচুল আদায় দিয়াৰ নিৰ্দেশ দিছিল ।
যোৱা জুলাইত এ পি ডি চি এলে এই বৃহৎ কেলেংকাৰি সংঘটিত কৰিছে বুলি তেওঁ অভিযোগ কৰে । বৰাক ইস্পাত প্ৰাইভেট লিমিটেড(Barak Ispat PVT LTD) নামৰ উদ্যোগটোক ৰেহাই দিছে ২১ কোটি টকা । যি সময়ত সাধাৰণ গ্ৰাহকে ৫০০/৬০০ টকা বিল নিদিলেই বিদ্যুৎ কর্তন কৰে, সেই সময়ত এ পি ডি চি এলে বৰাক ইস্পাত প্ৰাইভেট লিমিটেডক এক-দুই কোটি নহয়, ২১ কোটি টকাৰ মাচুল ৰেহাই দিয়াৰ আঁৰত বৃহৎ কেলেংকাৰি আছে বুলি আপৰ নেতাগৰাকীয়ে উল্লেখ কৰে ।
জিতুল ডেকাই কয় যে পুঁজিপতি উদ্যোগ গোষ্ঠীক মাছুল ৰেহাই দি এ পি ডি চি এলে সাধাৰণ লোকৰ ওপৰত বৰ্ধিত মাচুল আৰোপ কৰাৰ কোনো অধিকাৰ নাই । এপি ডি চি এলৰ empowered committee ৰ নিৰ্দেশ অনুসৰি বৰাক ইস্পাতৰ আবেদন বিবেচনা কৰি প্ৰতিষ্ঠান টোক ২৫.৪৩ কোটি টকাৰ পৰিবৰ্তে মাত্ৰ ৪.৩৩ কোটি টকা আদায় দিবলৈ কৈছিল । লগতে ভৱিষ্যতে বিদ্যুৎ চুৰি নকৰিবলৈ সকিয়াই দিছে৷
কিন্তু এয়া কিদৰে সম্ভৱ হ’ল ? সততে লোকচানত চলি থকাৰ অজুহাত দেখুৱাই সঘনাই বিদ্যুৎ মাচল বৃদ্ধি কৰা এ পি ডি চি এলে বৰাক ইস্পাতক কিদৰে মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত দিলে ? এয়া অপৰাধ, দুর্নীতি, ভ্ৰষ্টাচাৰ নহয় জানো বুলি প্ৰশ্ন কৰি আপন নেতাগাকীয়ে কয় যে, ৰাজহ বৃদ্ধিত গুৰুত্ব দিয়া এ পি ডি চি এলে বৰাক ইস্পাতক ২১ কোটি টকাৰ মাচুল ৰেহাই দিয়াৰ কাৰণ ৰাজহুৱা কৰিব লাগিব ।
যোৱা আগষ্ট মাহত ৰাজ্যৰ সাধাৰণ বিদ্যুৎ গ্ৰাহকৰ পৰা দুগুণ, তিনিগুণতকৈ অধিক বিদ্যুৎ মাচুল সংগ্ৰহ কৰি ব্যাপক লুণ্ঠন চলাইছিল এ পি ডি চি এলে । সেই সময়ত ৰাজ্যজুৰি ইয়াৰ প্ৰতিবাদ হৈছিল । ফলত মুখ্যমন্ত্ৰীয়ে এয়া স্মার্ট মিটাৰৰ বিসংগতিৰ বাবে হোৱা বুলি টুইট কৰিছিল (Smart electric meter in Assam)।
ইয়াৰ বিপৰীতে এ পি ডি চি এলে স্মার্ট মিটাৰৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধি নহয় বুলি পৰস্পৰ বিৰোধী মন্তব্য দিছিল । আনহাতে বিভাগীয় মন্ত্ৰী নন্দিতা গার্লচাই এই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰি তদন্তৰ বাবে সমিতি বনোৱাৰ কথা ঘোষণা কৰিছিল । মন্ত্ৰী পীযুষ হাজৰিকাই আকৌ কৰ্মচাৰীৰ মাহে মাহে দৰমহা বৃদ্ধি হোৱাৰ বাবে বিদ্যুৎ মাচুল বৃদ্ধি হৈছে বুলি অতি তৰল মন্তব্য আগবঢ়াইছিল ।