গুৱাহাটী,22 জানুৱাৰীঃবুধবাৰে শ্ৰেণী বৰ্জন কৰিনাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলেগুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে। দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ত CAAৰ শুনানি গ্ৰহণৰ দিনটোত শ্ৰেণী বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল উত্তৰ-পূৰ্বাঞ্চলৰ সকলো বিশ্ববিদ্যালয়ে। এই সিদ্ধান্ত অনুসৰি আজি পুৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মূখত CAAৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। কোনো কাৰণতে নাগৰিকত্ব আইন মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ । বিতৰ্কিত আইনখন বাতিল নোহোৱা পৰ্যন্ত ছাত্ৰ সমাজে এনেদৰেই ঐক্যবদ্ধ হৈ প্ৰতিবাদ কৰি যোৱাৰ সংকল্প লোৱাৰ লগতে আগন্তুক নিৰ্বাচনত বিজেপি-অগপক পৰাভূত কৰিবলৈও ৰাইজক আহ্বান জনালে ছাত্ৰ সমাজে ।
শ্ৰেণীবৰ্জনৰে CAAৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ - বিতৰ্কিত আইন
CAAৰ শুনানি গ্ৰহণৰ দিনটোতে শ্ৰেণী বৰ্জন কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে ৷ বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মূখত CAAৰ প্ৰতিলিপি দাহ কৰিলে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে ৷
প্ৰতিবাদ সাব্যস্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ