ETV Bharat / bharat

'কা' সন্দৰ্ভত আজি শুনানি উচ্চতম ন্যায়ালয়ত

নাগৰিকত্ব সংশোধনী আইনৰ সাংবিধানিক বৈধতা সম্পৰ্কে উচ্চতম ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰিব ৷ মুখ্য ন্যায়াধীশ এচ এ ব’বডেৰ তত্ত্বাৱধানত এখন বিচাৰপীঠে 143 খন আবেদনৰ ভিত্তিত এই শুনানি গ্ৰহণ কৰা হ’ব ৷ আবেদনকাৰীসকলৰ ভিতৰত আৰ জে ডি বিহাৰৰ মনোজ ঝা,তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰা,আছাদুদ্দিন ওৱেইচি,জমিয়ত উলেমা ই হিন্দী তথা সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনৰ নাম উল্লেখ আছে ৷

নাগৰিকত্ব সংশোধনী আইন
উচ্চতম ন্যায়ালয়ৰ শুনানি
author img

By

Published : Jan 22, 2020, 9:08 AM IST

Updated : Jan 22, 2020, 11:48 AM IST

নতুন দিল্লী,22 জানুৱাৰীঃ অৱশেষত বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ সাংবিধানিক বৈধতা সম্পৰ্কে উচ্চতম ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰিব ৷ মুখ্য ন্যায়াধীশ এচ এ ব’বডেৰ তত্ত্বাৱধানত এখন বিচাৰপীঠে 143 খন আবেদনৰ ভিত্তিত এই শুনানি গ্ৰহণ কৰা হ’ব ৷ বিগত বৰ্ষৰ 18 ডিচেম্বৰত কেন্দ্ৰক বিভিন্ন বিষয়ত জাননী জাৰি কৰিছিল য’ত ইণ্ডিয়ান ইউনিয়ন মুছলীম লীগ আৰু কংগ্ৰেছ নেতা জয়ৰাম ৰমেশো অন্তৰ্ভুক্ত আছিল ৷ উল্লেখ্য যে,আইনখনে 2014 ৰ 31 ডিচেম্বৰৰ পূৰ্বে পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু,শিখ,বৌদ্ধ,খ্ৰীষ্টিয়ান,জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব ৷

ৰাজ্যত 10 জানুৱাৰীৰ পৰা বলৱৎ হোৱা নাগৰিকত্ব সংশোধনী আইনখন সন্দৰ্ভতো সৰ্বোচ্চ ন্যায়ালয়খনে বাধা আৰোপ কৰাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি ৷ কিয়নো শীৰ্ষ আদালতে 9 জানুৱাৰীত আইনখনক সাংবিধানিক পৰিপন্থী হিচাপে ঘোষণা কৰাৰ বিপৰীতে দেশত অব্যাহত থকা পৰিস্থিতি সম্পৰ্কতহে গুৰুত্ব আৰোপ কৰিছিল ৷ কেন্দ্ৰীয় ভাৰতীয় মুছলীম লীগে আবেদনত উল্লেখ কৰিছে এনেদৰে-নাগৰিকত্ব সংশোধনী আইনখনে দেশৰ মৌলিক অধিকাৰ খৰ্ব কৰি একমাত্ৰ ধৰ্মৰ অধিকাৰৰ ভিত্তিত অবৈধ প্ৰব্ৰজনকাৰীসকলৰ একাংশক নাগৰিকত্ব প্ৰদানৰ পোষকতা কৰিছে ৷ উল্লেখযোগ্য যে,ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নাগৰিকত্ব সংশোধনী আইন 2019 ৰ ক্ষেত্ৰত 12 ডিচেম্বৰত প্ৰযোজ্য অধিনিয়মৰ কিছু সালসলনি ঘটায় ৷

তদুপৰি,কেন্দ্ৰীয় ভাৰতীয় মুছলীম লীগে নাগৰিকত্ব সংশোধনী আইন তথা বিদেশী সংশোধন 2015 আৰু পাছপোৰ্ট (প্ৰৱেশৰ ক্ষেত্ৰত থকা নিয়ম) সংশোধন অধিনিয়ম 2015 ৰ প্ৰচলনৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন স্থগিতাদেশৰ প্ৰয়াস কৰে ৷ আবেদনখনত উল্লেখ আছিল যে,চৰকাৰে বলৱৎ কৰা নাগৰিকত্ব সংশোধনী আইনখন সংবিধান বিৰোধী ৷ লগতে এই আইনে মুছলমানসকলৰ বিৰোধিতা কৰে ৷ ইফালে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে দাখিল কৰা আবেদনখনত বিতৰ্কিত আইনখনে মৌলিক অধিকাৰৰ ওপৰত একপ্ৰকাৰৰ অমানুষিক অত্যাচাৰ কৰা বুলি উল্লেখ কৰিছে ৷ তদুপৰি সংবিধানত থকা সম অধিকাৰক খৰ্ব কৰিছে ৷ ৰমেশে কয়,1955ৰ অধিনিয়মৰ অন্তৰ্গত ভাৰতীয় নাগৰিকত্ব গ্ৰহণ তথা খাৰিজ সম্পৰ্কে ধৰ্ম ভিত্তি হ’ব পাৰে ৷ কিন্তু আদালতৰ ক্ষেত্ৰত ই স্বাভাৱিকতে সংবিধানৰ পৰিপন্থী ৷

আবেদনৰ ওপৰত ভিত্তিত ক’ব পৰা যায় যে,নাগৰিকত্ব সংশোধনী আইনৰ সাংবিধানিক স্থিতি সম্পৰ্কে ন্যায়ালয়ৰ শুনানি তীব্ৰ প্ৰত্যাহ্বানমূলক হ’ব ৷ আবেদনকাৰীসকলৰ ভিতৰত আৰ জে ডি বিহাৰৰ মনোজ ঝা,তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ,আছাদুদ্দিন ওৱেইচি,জমিয়ত উলেমা ই হিন্দী তথা সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনৰ নাম উল্লেখ আছে ৷

লগতে চাওকঃকাইলৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়ৰ শ্ৰেণী বৰ্জন কাৰ্যসূচী

Intro:Body:

Hearing about  caa on Wednesday by Supreme court

Conclusion:
Last Updated : Jan 22, 2020, 11:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.