গুৱাহাটী, ২৬ ছেপ্টেম্বৰ :অসম এৰিব AIGP আনন্দ মিশ্ৰই (AIGP Anand Mishra left Assam) । শীঘ্ৰেই বিহাৰ কেডাৰত যোগদান কৰিব তেওঁ (Anand Mishra will join Bihar cadre) । অসম এৰি বিহাৰলৈ যাব আই পি এছ বিষয়া আনন্দ মিশ্ৰ । অসম-মেঘালয় কেডাৰ এৰি বিহাৰ কেডাৰলৈ যাব আনন্দ মিশ্ৰ ।
উল্লেখ্য, বৰ্তমান অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ এ আই জি পিৰ দায়িত্বত আছে আনন্দ মিশ্ৰ । জানিব পৰা মতে, ডেপুটেচনত যাব বিচাৰিছিল আনন্দ মিশ্ৰই । ব্যক্তিগত অসুবিধাৰ বাবে ডেপুটেচনৰ বাবে আবেদন কৰিছিল আনন্দ মিশ্ৰই (Anand Mishra will go in Deputation) । উক্ত, আবেদনৰ পাছতেই অসম চৰকাৰে আনন্দ মিশ্ৰক অনুমতি ডেপুটেচনৰ দিয়ে ।
উল্লেখযোগ্য যে, এগৰাকী সুদক্ষ আৰু নিষ্ঠাৱান আই পি এছ বিষয়া হিচাপে পৰিচিত আনন্দ মিশ্ৰ সামাজিক মাধ্যমৰ এগৰাকী বিশেষ চৰ্চিত ব্যক্তি । অষ্টম শ্ৰেণীত পঢ়ি থকাৰ পৰাই তেওঁ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখিছিল ।