অসম

assam

By

Published : Apr 19, 2020, 8:39 PM IST

ETV Bharat / state

বিতৰ্কিত বিধায়ক আমিনুল ইছলামক ন্যায়িক জিম্মালৈ প্ৰেৰণ

দেওবাৰে ধিঙৰ বিধায়ক আমিনুল ইছলামক কামৰূপ জিলাৰ CJM কৰ্টত হাজিৰ কৰোৱা হয় ৷

aminul islam cjm court judicial
বিতৰ্কিত বিধায়ক আমিনুল ইছলামক ন্যায়িক জিম্মালৈ প্ৰেৰণ

গুৱাহাটী 19 এপ্ৰিলঃ দেওবাৰে ধিঙৰ বিধায়ক আমিনুল ইছলামক কামৰূপ জিলাৰ CJM কৰ্টত হাজিৰ কৰোৱা হয়। ঘটনাৰ তদন্তৰ বাবে চি আই ডিয়ে ৭দিনৰ জিম্মাত বিচাৰিছিল যদিও আদালতে সেই আবেদন খাৰিজ কৰে। বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বিধায়ক আমিনুল ইছলামক।

বিতৰ্কিত বিধায়ক আমিনুল ইছলামক ন্যায়িক জিম্মালৈ প্ৰেৰণ

৩০ এপ্ৰিলত পুনৰ হাজিৰ কৰোৱা হ'ব বিধায়কগৰাকীক। ইফালে এয়া ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আদালত চৌহদত সাংবাদিকৰ আগত উল্লেখ কৰে আমিনুলে। কাৰাবন্দী অখিল গগৈৰ দৰেই বিধায়কগৰাকীকো চৰকাৰে টাৰ্গেট কৰিছে বুলি কয় আমিনুল ইছলামে। ইফালে এই গোচৰ সম্পূৰ্ণ ভুৱা বুলি উল্লেখ কৰি অহা কিছুদিনৰ ভিতৰতে জামিন পাব বুলি মন্তব্য কৰে বিধায়কগৰাকীৰ অধিবক্তাই।

লগতে পঢক ঃ কেন্দ্ৰীয় সাস্কৃতিক মন্ত্ৰীয়ে ঘোষণা কৰিলে ভাৰত অমূৰ্ত সাংস্কৃতিক ঐতিহ্যসমূহ

ABOUT THE AUTHOR

...view details