অসম

assam

এম্বুলেঞ্চত ৰোগী নহয়,পাচলিৰ বেপাৰ

By

Published : Jul 2, 2020, 2:15 PM IST

এম্বুলেঞ্চখনত ৰোগী নহয়, পাচলি কঢ়িয়াই বিক্ৰী কৰা দেখা গ'ল গুৱাহাটীৰ দিছপুৰ হাস্পতালৰ সমীপত ৷ আৰক্ষী কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে, পাচলি বিক্ৰী কৰা AS-01 JC-8718 নম্বৰৰ এম্বুলেঞ্চখন আছিল দিছপুৰ হাস্পতালৰ ৷

ambulance seized in guwahati
ambulance seized in guwahati

গুৱাহাটী,2 জুলাইঃএম্বুলেঞ্চ সচৰাচৰ কিহৰ বাবে ব্যৱহাৰ কৰা হয় সেই বিষয়ে হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ কিন্তু গুৱাহাটীৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল এখন ব্যতিক্ৰমী এম্বুলেঞ্চ ৷ সেই ব্যতিক্ৰমী এম্বুলেঞ্চখনত ৰোগী নহয়, কঢ়িয়াইছে পাচলিহে ৷

লগতে আছে মাংস বিক্ৰীৰো ব্যৱস্থা

কৰ'ণা মহামাৰীৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ গুৱাহাটীত ঘোষণা কৰা হৈছে পূৰ্ণ পৰ্যায়ৰ লক ডাউন ৷ লক ডাউনৰ সময়ছোৱাত এতিয়া দোকান বন্ধৰ সুযোগ গ্ৰহণ কৰা দেখা গৈছে এম্বুলেঞ্চ খনৰ চালকে ৷ কিয়নো লক ডাউনৰ সময়ছোৱাত আন প্ৰতিষ্ঠানৰ লগতে যান-বাহন বন্ধ থাকিলেও, খোলা আছে জৰুৰীকালীন সেৱাত নিয়োজিত প্ৰতিষ্ঠান বা বাহনসমূহ ৷ যাৰ সুযোগ গ্ৰহণ কৰি মহানগৰীৰ গণেশগুৰিত এম্বুলেঞ্চত, পাচলিৰ লগতে মাছ–মাংস বিক্ৰী কৰিলে চালকে ৷ এনে কাৰ্য কৰি থকাৰ সময়তে আৰক্ষীৰ জালত পৰিল এম্বুলেঞ্চখন ৷ কিন্তু পৰিতাপৰ বিষয় যে, দিছপুৰ হাস্পতালৰ সমীপত এনে কাৰ্য চলাই নিয়া লোকগৰাকীয়ে আৰক্ষী অহাৰ উমান পাই পলায়ন কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে, AS-01 JC-8718 নম্বৰৰ এম্বুলেঞ্চখন আছিল দিছপুৰ হাস্পতালৰ ৷

এম্বুলেঞ্চত ৰোগী নহয়, দেখিবলৈ পোৱা গ'ল পাচলি

লগতে পঢ়কঃক'ভিডৰ বিৰুদ্ধে যুঁজ দিয়া ৰণুৱাকে স্বাস্থ্য বিভাগে কৰিলে এলাগি

ABOUT THE AUTHOR

...view details