গুৱাহাটী, 25 জুন : বিপদত পৰিছে বৰাক উপত্যকাৰ সোনাই বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত এ আই ইউ ডি এফ (AIUDF) ৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা ৷ বিধায়ক গৰাকীৰ বিৰুদ্ধে উত্থাপিত তথ্য বিসংগতি কৰাৰ এক গুৰুতৰ অভিযোগ ৷ উত্থাপিত অভিযোগ মতে, বিধায়ক গৰাকীয়ে বিগত বিধানসভা নিৰ্বাচনৰ সময়ত মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাত তেওঁৰ শিক্ষাগত অৰ্হতা আৰু সম্পত্তি সন্দৰ্ভত ভুৱা তথ্য দাখিল কৰিছিল ৷ এই অভিযোগ তুলিছে সমষ্টিটোৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক এনামূল হক লস্কৰে ।
কেৱল অভিযোগ তোলাই নহয়, বিধায়ক বৰভূঞাৰ বিৰুদ্ধে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰো তৰিছে এনামূল হক লস্কৰে ৷ এই গোচৰৰ পিছতে উচ্চ ন্যায়ালয়ে এ আই ইউ ডি এফ (AIUDF)ৰ বিধায়ক গৰাকীলৈ জাননী জাৰি কৰিছে আৰু 4 আগষ্টত তেওঁক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে ৷ উল্লেখযোগ্য যে, নৱ নিৰ্বাচিত বিধায়ক কৰিমুদ্দিন বৰভূঞা এ আই ইউ ডি এফ(AIUDF)ৰ এগৰাকী জ্যেষ্ঠ নেতা ৷ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাৰ পিছত তেওঁ বিধানসভাত সংস্কৃত ভাষাত শপত লৈছিল ৷
উল্লেখ যোগ্য যে, এ ডি আৰৰ (ADR) ৰ তথ্য অনুসৰি 2021 ৰ বিধানসভা নিৰ্বাচনৰ সময়ত মনোনয়নৰ সৈতে দাখিল কৰা শপতনামাত বিধায়ক কৰিমুদ্দিন বৰভূঞাই দাখিল কৰা তেওঁৰ শিক্ষাগত অৰ্হতা আৰু সম্পত্তিৰ তালিকা হৈছে এনেধৰণৰ-
1/ স্থাৱৰ সম্পত্তিৰ মুঠ মূল্য - 13,38,98,000 টকা