গুৱাহাটী, 13 ছেপ্টেম্বৰ : উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীসকলৰ চাকৰিৰ প্ৰাদেশিকীকৰণকে ধৰি চাকৰিৰ নিৰাপত্তা, অনিশ্চিত দৰমহা , অৱসৰৰ পাছত আৰু কৰ্মৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালক পেঞ্চন , গ্ৰেছুইটি আৰু ভৱিষ্যতনিধি আদিকে ধৰি প্ৰধান সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰাৰ দাবীত সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চৰ সংবাদমেল সম্বোধন ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমোল আয়োজন কৰি বিভিন্ন দাবী উত্থাপন কৰে মঞ্চৰ একাংশ সদস্যই ৷
সংবাদমেলত মঞ্চৰ সভাপতি বাণীকান্ত বৰুৱাই কয় যে- অসমৰ বিভিন্ন নগৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ পৰিকল্পিত উন্নয়ন আৰু সুষম বিকাশৰ স্বাৰ্থত অসমৰ নগৰ আৰু গাঁও পৰিকল্পনা আইন 1959 ৰ আধাৰত 1963 চনৰ পৰা সমগ্ৰ অসমত এইপৰ্যন্ত 24 খন উন্নয়ন প্ৰাধিকৰণ গঠন কৰা হৈছে ৷ প্ৰাধিকৰণৰ কাৰ্যালয়ৰ আয়ৰ মূল উৎস হৈছে মাটি বিক্ৰী, হস্তান্তৰ, গৃহ নিৰ্মাণৰ আপত্তি বিহীন প্ৰমাণ পত্ৰ প্ৰদান কাৰ্যৰ বিপৰীতে সংগৃহীত হোৱা সীমিত আবেদন মাচুল ৷
এই সংগৃহীত ধনৰ পৰাই প্ৰাধিকৰণৰ বিষয়া কৰ্মচাৰীৰ দৰমহাকে ধৰি কাৰ্যালয় পৰিচালনাৰ আনুসংগিক ব্যয় বহন কৰি আহিছে ৷ কিন্তু অসম চৰকাৰে 2012 চনত অসম পৌৰ আইন 1956 আৰু নগৰ আৰু গাঁও পৰিকল্পনা আইন 1959 ৰ সংশোধন কৰাৰ পাছত উন্নয়ন প্ৰাধিকৰণ বিলাকৰ আয়ৰ উৎস একেবাৰে কমি যায় ৷
ফলত অসমৰ প্ৰাধিকৰণ সমূহত কৰ্মৰত প্ৰায় 300 জন শ্ৰমিক কৰ্মচাৰীয়ে বৃহৎ আৰ্থিক সংকটৰ সন্মুখীন হৈছে আৰু চাকৰিৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে ৷ বৰ্তমান কৰ্মৰত কৰ্মচাৰীসকলে মাহৰ পাছত মাহ ধৰি তেওঁলোকৰ নাৰ্য দৰমহাৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৷
লগতে পঢ়কঃসংবাদ মাধ্যমতহে ৰাইজৰ দলৰ নাম শুনিছে সুশান্ত বৰগোঁহায়ে