অসম

assam

ETV Bharat / state

প্ৰাৰ্থিত্ব ঘোষণাৰ পিছতেই ই টিভি ভাৰতৰ লগত প্ৰথমটো সাক্ষাৎকাৰ অজিত কুমাৰ ভূঞাৰ

২০১০ ৰ ৰাজ্যসভা নিৰ্বাচনৰ সময়ত অসমত মুকলিকৈ যি নিৰ্লজ্জ হৰ্চ ট্ৰেডিঙৰ ঘটনা ঘটিছিল সেয়া গণতান্ত্ৰিক ব্যৱস্থাটোৰ বাবেই দূৰ্ভাগ্যজনক বুলি আখ্যা দি তেওঁ কয় যে এইবাৰ পটভূমি সুকীয়া ৷

AJIT BHUYAN TO RAJYA SABHA
প্ৰাৰ্থিত্ব ঘোষণাৰ পিছতেই ই টিভি ভাৰতৰ লগত প্ৰথমটো সাক্ষাৎকাৰ অজিত কুমাৰ ভূঞাৰ

By

Published : Mar 11, 2020, 11:18 PM IST

গুৱাহাটী, ১১মাৰ্চ: ই টিভি ভাৰতে বহু পূৰ্বেই প্ৰথমবাৰৰ বাবে বাতৰি পৰিবেশন কৰিছিল যে ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা অৱতীৰ্ণ হোৱাটো প্ৰায় চূড়ান্ত । অৱশেষত আমাৰ সেই বাতৰি সত্য প্ৰমাণিত হ'ল আৰু দিল্লীত বিৰোধীয়ে আজি আনুষ্ঠানিক ভাবে সেই কথা ঘোষণা কৰিলে ।

প্ৰাৰ্থিত্ব ঘোষণাৰ পিছতেই ই টিভি ভাৰতৰ লগত প্ৰথমটো সাক্ষাৎকাৰ অজিত কুমাৰ ভূঞাৰ
এই ঘোষণাৰ পিছতে প্ৰবীণ সাংবাদিক গৰাকীয়ে ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে প্ৰথমটো প্ৰতিক্ৰিয়া । ভূঞাই কয় যে, এইবাৰৰ পৰিবেশ-পৰিস্থিতিয়ে তেওঁক সংসদীয় ৰাজনীতিলৈ আহিবলৈ বাধ্য কৰিলে । "মই এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হম আৰু "কা" বিৰোধী ৰাজনৈতিক দলসমূহে এই ক্ষেত্ৰত মোলৈ সমৰ্থন আগবঢ়াইছে ।" ভূঞাৰ মন্তব্য- ২০১০ ৰ ৰাজ্যসভা নিৰ্বাচনৰ সময়ত অসমত মুকলিকৈ যি নিৰ্লজ্জ হৰ্চ ট্ৰেডিঙৰ ঘটনা ঘটিছিল সেয়া গণতান্ত্ৰিক ব্যৱস্থাটোৰ বাবেই দূৰ্ভাগ্যজনক বুলি আখ্যা দি তেওঁ কয় যে এইবাৰ পটভূমি সুকীয়া । সংখ্যাৰ ফালৰ পৰাও এইবাৰ বিৰোধী আগবাঢ়ি আছে । ১৩ মাৰ্চত তেওঁ মনোনয়ন দাখিল কৰিব বুলিও মন্তব্য কৰে ।

ABOUT THE AUTHOR

...view details