গুৱাহাটী, ৫ আগষ্ট :মন্ত্ৰী পীযুষ হাজৰিকাই AIUDF আৰু কংগ্ৰেছৰ সংখ্যালঘু বহু বিধায়কে জেহাদীৰ টকাৰে নিৰ্বাচন খেলে বুলি কোৱা মন্তব্যক লৈ সৰৱ হৈ পৰিছে AIUDF ৰ বিধায়কসকল । শুকুৰবাৰে বিধানসভা চৌহদত AIUDF ৰ বিধায়কসকলে হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে (AIUDF MLAs protest in Assam Assembly campus)।
মন্ত্ৰী পীযুষ হাজৰিকাই বিধায়কৰ পদমৰ্যাদা হানি কৰা নচলিব, বিজেপিয়ে সাম্প্ৰদায়িক মনোভাৱ পৰিহাৰ কৰক, জেহাদীৰ আলম লৈ বিজেপিয়ে AIUDF ৰ বিধায়কক দিয়া মিছা অপবাদৰ জবাব লাগে, বিজেপিয়ে ৰাজনীতিৰ নামত মুখ চুপতি মাৰি সাংবিধানিক শপতৰ অৱমাননা বন্ধ কৰক, অনৈতিক ৰাজনৈতিক সিদ্ধিৰ বাবে বিৰোধী বিধায়কক টাৰ্গেট কৰি অপবাদ দিয়া নচলিব আদি শ্ল’গানেৰে বিধানসভাৰ মূল প্ৰৱেশদ্বাৰৰ উত্তাল কৰি তোলে ।
প্ৰতিবাদৰ অন্তত AIUDF ৰ বিধায়কসকলে বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰি অভিযোগ পত্ৰ প্ৰদান কৰে ।
ইফালে AIUDF ৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কয় যে, এজন মন্ত্ৰী মুখত এনে ভাষা শোভা নাপাই (Karimuddin Barbhuyan’s reaction against Pijush Hazarika comment) । অহংকাৰী পীযুষ হাজৰিকাক অনাগত দিনত ৰাইজে এই অহংকাৰৰ প্ৰত্যুত্তৰ দিব বুলি উল্লেখ কৰি তেওঁ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক পুলিচ তেওঁৰ ব্যক্তিগত সম্পদ নেকি বুলি প্ৰশ্ন কৰে । তেওঁ কয়, ‘‘জয়ন্তমল্ল বৰুৱা আপুনি মন্ত্ৰী হ’ব পাৰে ৷ কিন্তু অসম আৰক্ষীৰ মালিক নহয়’’ ।
তেওঁ লগতে কয় যে, সংবিধানত শপত খোৱা মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিটো কথাই সংবিধান বিৰোধী । ২০২৪ আৰু ২০২৬ ত অসমৰ ৰাইজে ইয়াৰ বিচাৰ কৰিব বুলি তেওঁ কয় । সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে মাদ্ৰাছা ভাঙি দিয়া হৈছে বুলি অভিযোগ কৰি তেওঁ কয় যে, আমি কোনো জেহাদীৰ পৃষ্ঠপোষক নহয় ।