গুৱাহাটী,24 মাৰ্চ: 23 টা বিষয়ক প্ৰাধান্য দি অগপই বুধবাৰে প্ৰকাশ কৰিলে দলৰ নিৰ্বাচনী ইস্তাহাৰ । গুৱাহাটীৰ আমবাৰীস্থিত দলীয় মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন, জেষ্ঠ নেতা দিলীপ পাটগিৰি আৰু মনোজ শইকীয়া প্ৰমুখ্যে নেতাসকলে আনুষ্ঠানিকভাৱে উন্মোচন কৰে নিৰ্বাচনী ইস্তাহাৰ ।
মিত্ৰদল বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ প্ৰযোজ্য কৰিব বুলি স্পষ্টভাৱে কোৱাৰ পাচত অগপৰ স্থিতি কি হ’ব বুলি সোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে কয় যে,‘‘অগপই ‘কা’ সন্দৰ্ভত নিজৰ স্থিতি পূৰ্বতেই স্পষ্ট কৰিছে । বৰ্তমান বিষয়টো ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে । অগপই ‘কা’ বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছে । ন্যায়ালয়ৰ ৰায়ৰ পাচত আমি বক্তব্য আগবঢ়াম’’ ।
অগপৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ বৈশ্যই কয় যে, ‘‘প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আমি গোটেইকেইটা সমষ্টিত জয়ী হ’ম । এইবাৰ পূৰ্বতকৈ আমাৰ আসনৰ সংখ্যা বাঢ়িব । অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰত আমাৰ হেঁচা থাকিব । 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ হোৱাটো আমি বিচাৰো । সম্পদৰ ওপৰত আমি আমাৰ অধিকাৰ বিচাৰো’’ ।
উল্লেখ্য যে, ‘কা’ৰ প্ৰসংগত অগপৰ ইস্তাহাৰত কোনো কথা উল্লেখ কৰা হোৱা নাই । অগপই পূৰ্বৰ দৰে এইবাৰো নিৰ্বাচনী ইস্তাহাৰত অসম চুক্তিৰ পূৰ্ণাংগ ৰূপায়ণ অগপৰ প্ৰথম আৰু প্ৰধান লক্ষ্য আৰু কৰ্তব্য বুলি উল্লেখ কৰিছে । সেইদৰে নিবনুৱা সমস্যাৰ সমাধান, অৰ্থনৈতিক উন্নয়ণ, কৃষি উন্নয়ণ, বান নিয়ন্ত্ৰণ, ভাষা-সংস্কৃতিৰ উন্নয়ন, শিক্ষা, স্বাস্থ্য, পৰিৱেশ সংৰক্ষণ, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে আঁচনি, ছাত্ৰ আৰু যুৱ কল্যাণ, ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচী, উদ্যোগ আৰু যাতায়ত, প্ৰাকৃতিক সম্পদৰ অধিকাৰ, আন্তঃৰাজ্যিক সীমা বিবাদৰ মীমাংসা, পঞ্চায়তীৰাজ আৰু ৰাজ্যৰ অধিক ক্ষমতা, দুৰ্নীতি নিবাৰণ, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ উন্নয়ন, চাহ জনগোষ্ঠীৰ বাবে বিশেষ কাৰ্যসূচী, চৰ এলেকাৰ সংখ্যালঘু সম্প্ৰদায়ৰ উন্নয়ন, শিশু আৰু মহিলাৰ বাবে বিশেষ আঁচনি আদি বিষয় ইস্তাহাৰত উল্লেখ কৰা হৈছে ।
6 পৃষ্ঠাৰ ইস্তাহাৰখনত গতানুগতিক প্ৰতিশ্ৰুতি দিয়া হৈছে যদিও সবিশেষ কৰ্মপন্থাৰ ৰূপৰেখা উল্লেখ কৰা হোৱা নাই । লক্ষণীয় বিষয় এয়ে যে, শাসকীয় দল বিজেপি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ দল অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী দলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত নাছিল । অগপৰ তিনিগৰাকী মন্ত্ৰীৰ এগৰাকীও নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত উপস্থিত নথকা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে । ইফালে মিত্ৰদল বিজেপিয়ে ‘কা’ প্ৰযোজ্য কৰিব বুলি মঙলবাৰে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ অনুষ্ঠানত পুনৰ স্পষ্টভাৱে দোহাৰে ।
এনে পৰিপ্ৰেক্ষিতত সাংবাদিকৰ প্ৰশ্নবানৰ সন্মুখীন হোৱাৰ পৰা বিৰত থকাৰ বাবে অগপৰ শীৰ্ষ নেতা কেইগৰাকী অনুষ্ঠানত উপস্থিত নাছিল বুলি জানিব পৰা গৈছে । তদুপৰি দলটোৰ ভিতৰচ’ৰাত অব্যাহত আছে ক্ষোভ আৰু অসন্তুষ্টি । কাৰ্যতঃ দলটোৰ মুখ্য কাৰ্যালয়ত এক নিমাওমাও পৰিৱেশৰ মাজতে অগপৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হয় । অগপৰ টিকট বঞ্চিত সত্যব্ৰত কলিতা নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানলৈ আহিছিল যদিও বহিবলৈ উপযুক্ত স্থান নাপাই অসন্তুষ্টিৰে ওলাই যায় । অগপত এতিয়াও অব্যাহত আছে খোৱা-কামোৰাৰ যুঁজ । বুধবাৰে দলৰ মুখ্য কাৰ্যালয়ত তাৰেই আভাস পৰিলক্ষিত হয় । উল্লেখ্য যে, মিত্ৰদল বিজেপিয়ে এইবাৰ অগপক 26 টা সমষ্টি এৰি দিছে ।
লগতে পঢ়ক:ধুবুৰীত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা সহ সহস্ৰাধিকৰ বিজেপিত যোগদান