গুৱাহাটী, 26 ফেব্ৰুৱাৰী: নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে সংবাদিকক আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম জাতীয় পৰিষদৰ উপদেষ্টা ড৹ বসন্ত ডেকাই ৷ ডেকাই কয়, আশা কৰা ধৰণেৰে সকলো হৈছে ৷ ২১ ত অসমত আঞ্চলিক দলৰ চৰকাৰ হ’ব ৷ মিত্ৰ দলৰ সৈতে আলোচনা অব্যাহত আছে বুলি কয় ড৹ বসন্ত ডেকাই ৷
'অসম জাতীয় দলৰ প্ৰায় ১১৭ জন প্ৰাৰ্থীয়ে নিজ নিজ সমষ্টিত প্ৰতিদ্বন্দ্বীতা আগবঢ়াবৰ বাবে আবেদন কৰিছে ৷' সাংবাদিকক সম্বোধন কৰি বসন্ত ডেকাই এইদৰে মত প্ৰকাশ কৰে ৷