অসম

assam

North Cachar Hills scam: মুকলি আকাশৰ তললৈ ডিমা হাচাওৰ প্ৰাক্তন চি ই এম মোহিত হোজাই

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 4:54 PM IST

উন্নয়ন পুঁজিৰ ধন উগ্রপন্থীলৈ হস্তান্তৰ কৰাৰ অপৰাধত ২০০৯ চনত গ্ৰেপ্তাৰ হৈছিল মোহিত হোজাই। জামিন মঞ্জুৰৰ পিছত কাৰাগাৰৰ পৰা শুকুৰবাৰে ওলাই আহিল মোহিত হোজাই। ইতিমধ্যে জামিনত মুক্তি লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিছে নিৰঞ্জন হোজাই আৰু জুৱেল গাৰ্লোছা।

North Cachar Hills scam
কাৰাগাৰৰ পৰা ওলাই আহিল মোহিত হোজাই

গুৱাহাটী, ২০ অক্টোবৰ : অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মোহিত হোজাই ৷ সুদীৰ্ঘ সময়ৰ পাছত মোহিত হোজাই কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হ'ল ৷ জামিন মঞ্জুৰৰ পিছত কাৰাগাৰৰ পৰা শুকুৰবাৰে ওলাই আহিল মোহিত হোজাই ৷

উল্লেখ্য যে উন্নয়ন পুঁজিৰ ধন উগ্রপন্থীলৈ হস্তান্তৰ কৰাৰ অপৰাধত গ্রেপ্তাৰ হৈছিল মোহিত হোজাই ৷ ২০০৯ চনত গ্ৰেপ্তাৰ হৈছিল মোহিত হোজাই ৷ 'নিয়া'ৰ বিশেষ আদালতে মোহিত হোজাইক শাস্তি প্রদান কৰিছিল ৷ পৰৱৰ্তী পৰ্যায়ত নিয়াৰ আদালতত গোচৰটো চলিছিল ৷ এক কোটি টকাসহ আৰক্ষীৰ জালত পৰিছিল মোহিত হোজাই ৷ দিছপুৰ আৰক্ষীয়ে হাফলঙৰ পৰা মোহিত হোজাইক গ্রেপ্তাৰ কৰিছিল ৷ সেই সময়ত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছিল মোহিত হোজাই ৷ তেওঁৰ লগতে ডি এইচ ডিৰ নেতা নিৰঞ্জন হোজাই আৰু জুৱেল গাৰ্লোছাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

ইতিমধ্যে জামিনত মুক্তি লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিছে নিৰঞ্জন হোজাই আৰু জুৱেল গাৰ্লোছা ৷ অৱশেষত শুকুৰবাৰে জামিনত কাৰামুক্ত হ'ল মোহিত হোজাই ৷ উল্লেখ্য যে শেহতীয়াকৈ উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভতো দোষমুক্ত হৈছিল মোহিত হোজাইকে ধৰি আন সকলো অভিযুক্ত ৷ এইক্ষেত্রত ৰায় প্ৰদান কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ন্যায়ালয়ে উত্তৰ কাছাৰৰ‌ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ সন্দৰ্ভত দিয়া নিয়াৰ বিশেষ আদালতৰ ৰায়ক খাৰিজ কৰাৰ লগতে কেলেংকাৰীটো সন্দৰ্ভত নিম্ন আদালতে দোষী সাব্যস্ত কৰা সকলো অভিযুক্তক‌ খালাচ কৰাৰ বাবে নিৰ্দেশ দিছিল ৷

এই চূড়ান্ত ৰায়দানৰ পিছতে আৰ এইচ খান, জোৱেল গাৰ্লোছা, নিৰঞ্জন হোজাই, মোহিত হোজাই গোচৰৰ পৰা মুক্তি পোৱাটো নিশ্চিত হৈছিল ৷ এই গোচৰত ১২ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছিল আৰ এইচ খানক ৷ উত্তৰ কাছাৰৰ‌ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ মূল নায়ক আছিল আৰ এইচ খান ৷ আনহাতে আজীৱন কাৰাদণ্ড বিহা হৈছিল অভিযুক্ত জোৱেল গাৰ্লোছা, নিৰঞ্জন হোজাই আৰু মোহিত হোজাইক ৷ কিন্তু আসোঁৱাহপূৰ্ণ তদন্তৰ বাবে গোচৰটো ন্যায়ালয়ে খাৰিজ কৰিছিল ৷

উল্লেখ্য যে উত্তৰ কাছাৰত সংঘটিত হোৱা এহেজাৰ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত নিম্ন আদালতে দোষী সাব্যস্ত কৰিছিল উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ মুখ্য কাৰ্যবাহী বিষয়া মোহিত হোজাই, সমাজ কল্যাণ বিভাগৰ উপ-সঞ্চালক আৰ এইছ খান, উগ্ৰপন্থী সংগঠন ডি এইছ ডিৰ নেতা জুৱেল গাৰ্লোচা আৰু নিৰঞ্জন হোজাইকে ধৰি মুঠ ১৩ জনক ৷ লক্ষণীয় বিষয় যে ৰাজ্য কঁপাই যোৱা এহাজাৰ কোটি টকীয়া কেলেংকাৰীত অভিযুক্তসকলৰ লগতে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়াত উপযুক্ত তথ্য, প্ৰমাণ দাখিলত তদন্তকাৰী সংস্থা ব্যৰ্থ হোৱাৰ বাবেই উচ্চ ন্যায়ালয়ে তেওঁলোকক দোষমুক্ত ঘোষণা কৰিছিল ৷ যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

লগতে পঢ়ক :Apex Bank Scam: এপেক্স বেংক কেলেংকাৰীৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত দাবী অ জা পৰ

ABOUT THE AUTHOR

...view details