বিডেন হেৰিছৰ বাবে প্ৰথম প্ৰত্যাহ্বান কোভিড-19
কোভিড-19 মহামাৰীৰ ফলত উদ্ভৱ হোৱা ৰাজহুৱা স্বাস্থ্য আৰু অৰ্থনৈতিক সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ আমেৰিকাক প্ৰয়োজন আছিল এক ক্ষীপ্ৰ,কঠোৰ আৰু পেচাগত প্ৰত্যুত্তৰৰ ৷ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বিডেনে এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিয়াল,ক্ষুদ্ৰ ব্যৱসায় আৰু অন্যান্যসকলৰ সৈতে সহযোগিতা আগবঢ়াব বুলি কয় ৷
কাছাৰত অচিনাক্ত কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
কাছাৰ জিলাৰ শালচাপৰাত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ উদ্ধাৰ কৰা মৃতদেহটো বৰ্তমানলৈ চিনাক্ত হোৱা নাই যদিও প্ৰায় 13 বছৰীয়া কিশোৰীৰ হ'ব বুলি সন্দেহ কৰা হৈছে ৷
অৱশেষত উন্মোচন কৰা হ'ল বিতৰ্কৰ আবৰ্তত সোমাই পৰা জোঙালবলহুৰ মূৰ্তি
অৱশেষত উন্মোচন কৰা হ'ল 2010-11 বিত্তীয় বৰ্ষৰ পৰা বিৰ্তকৰ আওতাত থকা জোঙাল বলহুৰ আবক্ষ মূৰ্তি ৷ তিৱা জনগোষ্ঠীৰ কিংবদন্তী পুৰুষ,শৌৰ্য বীৰ্যৰ প্ৰতীক জোঙালবলহুৰ মূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
সংখ্যালঘুৰ ভোটেৰে বিটিচিত জয়ী হ’ব বিজেপি
তামুলপুৰত বাক্সা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা ৷ বিটিচি নিৰ্বাচনত বিজেপিক জয়যুক্ত কৰাবলৈ সংখ্যালঘু ভোটাৰক আহ্বান বিধায়ক ইমামুৱেল মুছাহাৰী, বিজেপিৰ ৰাজ্যিক সংখ্যা লঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানকে ধৰি বিভিন্নজনৰ ৷
পীতাম্বৰ দেৱ গোস্বামীক ভাৰতৰত্ন প্ৰদানৰ দাবী
দেওবাৰে মাজুলীত উদযাপন কৰা হয় ধৰ্মগুৰু গৰাকীৰ 59 সংখ্যক তিৰোভাৱ তিথি ৷ তিথি উদযাপনৰ মাজতে ধৰ্ম গুৰু গৰাকীক ভাৰতৰত্ন সন্মান প্ৰদানৰ দাবী উত্থাপন কৰে পীতাম্বৰ দেৱ গোস্বামীৰ শিশু উদ্যান সমিতিয়ে ৷