গুৱাহাটী,১৮ অক্টোবৰ: কম্পিউটাৰ পাঠ্যক্ৰমৰ ভূৱা নথি দাখিলৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৮ গৰাকী প্ৰাৰ্থীক দুদিনৰ জিন্মাত লয় চি আই ডি য়ে(8 candidates in CID custody for two days) । চিআইডিয়ে ৫ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আদালতে ২ দিনৰ বাবে CID ৰ জিম্মালৈ প্ৰেৰণ কৰে ৮ অভিযুক্তক । সোমবাৰে দিনযোৰা জেৰাৰ অন্তত কম্পিউটাৰ পাঠ্যক্ৰমৰ ভূৱা নথি দাখিলৰ অভিযোগত ৮ জনকৈ প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছিল(8 candidates arrested) ।
গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থী কেইজন ক্ৰমে আব্দুল ৰহমান, সমৰ দাস, যাবিদ আহমেদ, ফিৰোজ আহমেদ, ইছমাইল হুছেইন, দিলদাৰ অল হুছেইন, অশোক বৰ্মণ, অনিৰ্বান দাস বুলি আৰক্ষীৰ এক সূত্ৰই সদৰি কৰিছে । মংগলবাৰে আদালতত হাজিৰ কৰোৱা সময়ত গ্ৰেপ্তাৰ হোৱা প্ৰাৰ্থী সকলে সময়ত সকলো উত্তৰ ওলাব বুলি মন্তব্য কৰি অসম পুলিচ জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হয় ।
উল্লেখ্য যে অসম আৰক্ষীৰ কনিষ্টবল পৰ্যায়ৰ পৰীক্ষাত কম্পিউটাৰ পাঠ্যক্ৰমৰ ভূৱা নথি দাখিলৰ অভিযোগত সোমবাৰে নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছিল ৮ জনকৈ প্ৰাৰ্থীক । সোমবাৰে ২২ জন প্ৰাৰ্থীক চি আই ডি কাৰ্যালয়লৈ তলব কৰিছিল । দিনযোৰা জেৰাৰ পিছত ৮ জনক গ্ৰেপ্তাৰ কৰি বাকী ১৪ জন প্ৰাৰ্থীক যাবলৈ দিছিল CID য়ে । এই ১৪ জন প্ৰাৰ্থীক ২০ অক্টোবৰত পুনৰ CID ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হয় ।