গুৱাহাটী, 23 জানুৱাৰী:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনটোতেই প্ৰতিবাদত কঁপিল ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী ৷ আছুৰ সমান্তৰালকৈ সাতটাকৈ কৃষক সংগঠনৰ প্ৰতিবাদে শনিবাৰে গুৱাহাটীত পৰিৱেশ উত্তাল কৰি তোলে ৷ মূলতঃ তিনিখনকৈ নতুন কৃষি আইন বাতিলৰ দাবীত গুৱাহাটী ক্লাৱত এই কৃষক সংগঠন কেইটাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে আন সাতটাকৈ কৃষক সংগঠন তথা হাৰিয়ানাৰ পৰা অহা কৃষক সংগঠনৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে শনিবাৰৰ এই প্ৰতিবাদত অংশ লয় ৷
শনিবাৰৰ প্ৰতিবাদত অংশ লোৱা হাৰিয়ানাৰ প্ৰতিবাদকাৰী সকলে চৰকাৰে তিনি নতুন কৃষি আইন বাতিল কৰিবই লাগিব বুলি মন্তব্য কৰি লগতে এই বুলিও কয় যে তিনি নতুন কৃষি আইন বাতিলৰ দাবীৰে দিল্লী সীমান্তত অব্যাহত থকা কৃষকৰ প্ৰতিবাদৰ বিশেষ প্ৰভাৱ তেওঁলোকে অসমত দেখিবলৈ পোৱা নাই আৰু সেয়ে অসমবাসীক সজাগ কৰাৰ উদ্দেশ্যে তেওঁলোক গুৱাহাটীত উপস্থিত হৈছে ৷