গুৱাহাটী, ২ মে’ : অসমীয়া ভাষাৰ ঐতিহ্য আৰু ব্যাপকতাক লৈ দীৰ্ঘকাল ধৰি চলি অহা বিতৰ্কৰ যেন অৱসান ঘটাবলৈ ওলাইছে এখন প্ৰাচীন শিলালিপিয়ে। গুৱাহাটী মহানগৰীৰ পাদদেশৰ পাহাৰৰ ধোপগুৰি নামৰ ঠাইত একাংশ স্থানীয় লোকৰ দ্বাৰা উদ্ধাৰ হোৱা এই শিলালিপিত সংৰক্ষিত হৈ আছে ২৪০০ বছৰ পুৰণি অসমীয়া বৰ্ণ (Assamese alphabet in 2400 years old inscription) ৷ অতি শেহতীয়াকৈ স্থানীয় সংবাদ মাধ্যমত এই কথা প্ৰকাশিত হোৱাৰ লগে লগে অসমৰ বৌদ্ধিক মহলত ইয়াকেলৈ বিশেষ চৰ্চা আৰম্ভ হৈছে ।
ধোপগুৰিৰ পাহাৰৰ এটা নিজৰাৰ কাষতে উদ্ধাৰ হোৱা এই শিলালিপিত কেইটামান অসমীয়া বৰ্ণ অতি স্পষ্টভাৱে জিলিকি আছে বুলি গৱেষক সকলে শেহতীয়াকৈ আঙুলিয়াই দিছে । দীৰ্ঘকাল ধৰি পানী পৰি থকাৰ বাবে কিছু সংখ্যক বৰ্ণ ক্ষয়ীভূত হ'লেও কেইটামান বৰ্ণ এতিয়াও স্পষ্ট হৈ আছে । সেই বৰ্ণ কেইটা হৈছে- ক, ব, ৱ, এ, ম, উ, য় আৰু জ । গৱেষণাৰ পৰা জানিব পৰা মতে, ইয়াৰে ক, ব আৰু ৱ বৰ্ণ তিনিটা খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাৰ পিপ্ৰবা শিলাৰেখাৰ অন্তৰ্গত বুলি ঠাৱৰ কৰা হৈছে ।
বাকী কেইটা বৰ্ণ ক্ৰমে এ, ম, উ, ৰ, য় আৰু জ অশোকৰ গিৰ্নাৰৰ খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ লিপি বুলি অনুধাৱন কৰা হৈছে । অৰ্থাৎ, প্ৰাচীন কামৰূপৰ অন্তৰ্গত গুৱাহাটীতে উদ্ধাৰ হোৱা এই শিলালিপি ২৪০০ বছৰ পুৰণি । কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ পৰা জানিব পৰা মতে, কামৰূপৰ বিভিন্ন প্ৰান্তৰ পৰা বিগত সময়ত প্ৰায় তিনিশৰো অধিক শিলালিপি আৰু ভালে সংখ্যক আন লিপি উদ্ধাৰ হৈছে । এই লিপি সমূহে প্ৰতিনিধিত্ব কৰিছে প্ৰায় তিনি হাজাৰ বছৰীয়া সভ্যতাক । তাৰ মাজতে শেহতীয়াকৈ পোহৰলৈ অহা শিলালিপিত অসমীয়া বৰ্ণৰ স্থিতিয়ে অসমীয়া লিপিৰ ইতিহাসকো প্ৰতিনিধিত্ব কৰিছে ।