২০০১ চনৰ লোকপিয়লকে ভিত্তি হিচাবে লৈ হ’ব সমষ্টি পুনঃনিৰ্ধাৰণ: নিৰ্বাচন আয়োগ গুৱাহাটী,28মাৰ্চ:অসমৰ সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত দেশৰ নিৰ্বাচন আয়োগে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেল সম্বোধন কৰি দেশৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে, যোৱা দুদিন অসমৰ সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দল,গণ সংগঠন তথা সমাজৰ বিভিন্ন সামাজিক সংগঠন আৰু ব্যক্তিৰ মতামত গ্ৰহণ কৰা হৈছে (Delimitation of constituency) ।
আয়ুক্তগৰাকীয়ে লগতে কয় যে, অসমৰ সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত অসমৰ জিলা উপায়ুক্ত আৰু প্ৰশাসনিক বিষয়াসকলৰ মতামত গ্ৰহণ কৰা হৈছে । সকলো দল-সংগঠন আৰু ব্যক্তি বিশেষৰ মতামত অতি আন্তৰিকতাৰে শুনা হৈছে । অসমৰ সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত 2001 চনৰ লোকপিয়লকে ভিত্তি হিচাবে লোৱা হ’ব । সংবিধানৰ অনুচ্ছেদ 170 আৰু 171 (B) ৰ ভিত্তিত সম্পূৰ্ণ আইনসম্মতভাৱে অসমৰ সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত 2001 চনৰ লোকপিয়লকে ভিত্তি হিচাবে লোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে (Base year of constituency delimitation) ।
মনকৰিবলগীয়া যে, 2001 চনৰ লোকপিয়লৰ ভিত্তিত 2002ত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও আইন শৃংখলাজনিত কাৰণত বন্ধ কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত দীৰ্ঘ কালৰ মূৰত ৰাজ্যখনৰ আইন-শৃংখলা উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে নিৰ্বাচন আয়োগে পুনৰ 2023 ৰ 1 জানুৱাৰীৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ কৰে ৷ সংবাদমেলত আইনৰ গণ্ডীৰ ভিতৰত সকলোকে ন্যায় প্ৰদানৰ আশ্বাস মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ ৷
অসমত সমষ্টি পুনঃনিৰ্ধাৰণ 2001 ৰ লোকপিয়লৰ ভিত্তিত কিয় ? শেহতীয়া লোক পিয়লৰ ভিত্তিত নহয় কিয় ? ৰাজ্যজুৰি বিতৰ্কৰ সূচনা কৰা এই প্ৰশ্নৰ উত্তৰ দিলে মুখ্য নিৰ্বাচন আয়ুক্তজনে ৷ মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে জনায় যে, ভাৰতীয় সংবিধানৰন 170 আৰু 171(B)ৰ অনুচ্ছেদৰ আধাৰতে 2001 ৰ লোকপিয়লৰ ভিত্তিত অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ ব্যৱস্থা কৰা হৈছে (Constituency delimitation in Assam) ৷
লগতে জন্মু-কাশ্মীৰৰ দৰে পৃথককৈ কিয় অসমত Delimitation committee কৰাৰ পৰিৱৰ্তে নিৰ্বাচন আয়োগে Delimitation হাতত ল’লে সেই প্ৰশ্নৰো উত্তৰ দিলে নিৰ্বাচন আয়োগে ৷ নিৰ্বাচন আয়োগে সদৰী কৰিলে যে গৃহ মন্ত্ৰালয়ৰ প্ৰতিবেদন মৰ্মে অসমৰ আইন-শৃংখলাৰ পৰিস্থিতি স্বাভাৱিক বুলি প্ৰতিবেদন দিয়াৰ পাচত ৰাষ্ট্ৰপতিৰ নিৰ্দেশমৰ্মে অসমত পুনৰ সমষ্টি নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয় ৷ সাংবিধানিকভাৱে ৰাষ্ট্ৰপতিৰ নিৰ্দেশৰ পাচত আন ৰাজ্যৰ দৰেই অসমতো নিৰ্বাচন আয়োগে সেয়ে পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়া হাতত ল’ব পাৰে ৷
তেওঁ কয় যে, মতামত দিবলৈ অহা বিভিন্ন ৰাজনৈতিক দলে অসমৰ সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত 2001 চনৰ লোকপিয়লকে ভিত্তি হিচাপে লোৱা কিয় লোৱা হ’ব আৰু অসমৰ সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত 2011 চনৰ লোকপিয়লকে ভিত্তি হিচাপে কিয় লোৱা নহয় বুলি প্ৰশ্ন উত্থাপন কৰিছে । তেওঁ জনায় যে, অসমৰ সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত দেশৰ নিৰ্বাচন আয়োগে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত অনুষ্ঠিত কৰা বৈঠকত অসমৰ 9 টা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলে অংশগ্ৰহণ কৰিছিল ।
ইয়াৰ ভিতৰত আছিল এ আই ডি এফ, চি পি আই এম, চি পি আই, ৰাইজৰ দল, তৃণমূল কংগ্ৰেছ, বি জে পি, অগপ, ইউ পি পি এল, এন চি পি, অসম জাতীয় পৰিষদ অন্যতম । লগতে আছুকে ধৰি 60 টা দল সংগঠনে মতামত আগবঢ়াইছে । তেওঁ কয়, ‘‘ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ তৰফৰ পৰা বিভিন্ন মতামত আগবঢ়োৱা হৈছে । অসমৰ সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত 2001 চনৰ লোকপিয়লকে ভিত্তি হিচাপে কিয় লোৱা হ’ব আৰু অসমৰ সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত 2011 চনৰ লোকপিয়লকে ভিত্তি হিচাপে কিয় লোৱা নহয় বুলি প্ৰশ্ন উত্থাপন কৰিছে ।’’
লগতে আসন বৃদ্ধি কৰা , 2026 চনত অসমৰ সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত আছুতীয়া আয়োগ গঠন কৰা, এন আৰ চি উন্নীতকৰণ আদি বিভিন্ন মতামত আৰু প্ৰশ্ন উত্থাপন কৰা হৈছে । নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে সকলোৰে মতামত গ্ৰহণ কৰা হৈছে । এইবোৰ আইনৰ মাজেৰে বিবেচনা কৰা হ’ব । তেওঁ কয় যে, অহা 15 এপ্ৰিললৈকে আয়োগে সকলোৰে মতামত গ্ৰহণ কৰিব । তাৰ পাচত সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰিব । আকৌ এই খচৰাৰ ওপৰত মতামত লোৱা হ’ব । তাৰ পাচতহে সমষ্টি পুনঃনিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব ।
খচৰা কেতিয়া প্ৰকাশ হ’ব সেই বিষয়ে মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে কয় যে, এই বিষয়ে এতিয়া একো কব পৰা নাযাব । ইফালে, তেওঁ লগতে কয় যে এনআৰচি উন্নীতকৰণৰ লগত সমষ্টি পুনঃনিৰ্ধাৰণৰ কোনো সম্পৰ্ক নাই । দুয়োটা সুকীয়া বিষয় । তেওঁ লগতে জনায় যে সংবিধানৰ নিয়ম অনুযায়ী 2026 চনলৈকে অসমত লোকসভা আৰু বিধানসভাৰ আসন বৃদ্ধি কৰা নহয় । মাত্ৰ বৰ্তমানে থকা লোকসভা আৰু বিধানসভাৰ ভৌগলিক এলেকাৰ সালসলনি হ’ব পাৰে ।
তেওঁ কংগ্ৰেছে আয়োগৰ আমন্ত্ৰিত বৈঠক বয়কট কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ প্ৰত্যক্ষ কোনো উত্তৰ দিয়াৰ পৰা বিৰত থাকে । সংবাদমেলত নিৰ্বাচন আয়োগৰ নিৰ্বাচনী আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু আয়োগৰ নিৰ্বাচনী আয়ুক্ত অৰুণ গোৱেল আদি উপস্থিত আছিল ।
লগতে পঢ়ক:Constituency delimitation: সমষ্টি পুনঃনিৰ্ধাৰণক লৈ মেচ ফিক্সিং চলি আছে; ভূপেন বৰাৰ দাবী