গুৱাহাটী, ৮ আগষ্ট :ভূমিকম্প প্ৰৱণ এলেকা(earthquake zone) হিচাপে চিহ্নিত অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্যত শেহতীয়াকৈ সঘনাই ভূমিকম্পৰ জোকাৰণি(shake of earthquake) অনুভূত হোৱা ঘটনাই স্বাভাৱিকতেই শংকাৰ সৃষ্টি কৰিছে। শুকুৰবাৰে দুপৰীয়া ১২ বাজি ৪৬ মিনিট ৪৮ চেকেণ্ডত প্ৰায় ১৫ চেকেণ্ডৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৪.১ ।
আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও জিলাৰ উত্তৰ পূৱ দিশত ১০ কিলোমিটাৰ গভীৰতাত । অৱশ্যে, মৃদু প্ৰাৱল্যৰ ভূমিকম্পটোৰ ফলত কতো কোনো ক্ষয়-ক্ষতি হোৱা নাই । উল্লেখ্য যে, ৭ জুলাইৰ পৰা ৬ আগষ্ট পৰ্যন্ত এটা মাহত মুঠ ১১ টা আৰু ৰিখটাৰ স্কেল(richter scale)ত ৩ ৰ পৰা ৫.২ কম্পনাংকৰ মৃদুৰ পৰা মজলীয়া আৰু উচ্চ প্ৰাবল্যৰ ভূমিকম্পই ৰাজ্যখন জোকাৰি গৈছে।
ইয়াৰে ৩ টাৰ অভিকেন্দ্ৰ(epicenter) আছিল অসমৰ গোৱালপাৰা জিলাৰ গাতে লগা চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলা (west Garo hills district)। তদুপৰি, গোৱালপাৰা জিলা, নগাঁও আৰু মণিপুৰ ৰাজ্য , মৰিগাঁও আৰু মানকাছাৰো আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ ।