অসম-নাগালেণ্ড সীমান্তত সন্দেহযুক্ত DNLA ৰ গুলী চালনাত প্ৰাক্তন DHD নেতা নিহত
বুধবাৰে নিশা অসম-নাগালেণ্ড সীমান্তৰ খাৰনাইদিছা গাঁৱত সংঘটিত হোৱা এই ভয়ংকৰ আক্ৰমণে এলেকাতোত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ আহত যুৱক জন বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
ডুমডুমাত অসম চাহ কৰ্মচাৰী সংঘৰ অৱস্থান ধৰ্মঘট
অসম চাহ কৰ্মচাৰী সংঘৰ মৰাণ,টিংৰাই আৰু ডুমডুমা শাখাই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰে ৷ ৰাজ্য চৰকাৰখনে আন আন বৃহৎ খণ্ডৰ ওচৰত ক্ষুদ্ৰ চাহ শ্ৰমিক সকলক শোষণ হ'বলৈ এৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰী সকলে ৷
কলিয়াবৰত নিৰ্ধাৰিত কাৰ্যসূচীৰ পূৰ্বে কিয় উপস্থিত হ’ল হিমন্ত বিশ্ব শৰ্মা !
চৰকাৰী বা কোনো ৰাজহুৱা কাম এৰি দলৰ হাইকামাণ্ডৰ নিৰ্দেশ অনুসৰি কোন কেতিয়া দিল্লীলৈ উৰা মাৰিব লগা হয়,তাৰ কোনো নিশ্চয়তা নাই । তেনে ঘটনাক্ৰমত পৰি পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচীৰ পৰিৱৰ্তে আগতিয়াকৈয়ে বুধবাৰে মাজনিশাই কলিয়াবৰত পদাৰ্পণ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
কৰ্ণাটকত একেটা পৰিয়ালৰে চাৰিজনৰ আত্মহত্যা
কৰ্ণাটকত একেটা পৰিয়ালৰে চাৰিজনকৈ লোকৰ আত্মহত্যা ৷ চলন্ত ৰেলৰ আগত পৰি আত্মহত্যা কৰে এহাল দম্পত্তি আৰু দুটি সন্তানে ৷ আত্মহত্যাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই ৷
এক কোটি পঞ্চাশ লাখ টকাৰে বৰলীয়া নৈত নিৰ্মাণ হ'ব মঠাউৰি
অসম চৰকাৰৰ জলসম্পদ বিভাগৰ নলবাৰী সংমণ্ডলৰ অধীনস্থ চমুখাৰ পৰা আঢ়ৈ কিঃমিঃ জৰাজীৰ্ণ মঠাউৰিৰ পুনৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰাৰ বাবে বুধবাৰে লহকৰপাৰা বৰদৌল প্ৰাংগণত এখন সভা অনুষ্ঠিত কৰা হয় ৷