যোৰহাট, 20 মে’: পুনৰ এজন প্ৰতিভাৱান সংবাদকৰ্মীক হেৰুৱালে অসমবাসীয়ে ৷ বহিঃৰাষ্ট্ৰত মৃত্যু হ’ল সাংবাদিক ৰূপে কৰ্মৰত থকা এজন অসমীয়া যুৱকৰ ৷ ছিংগাপুৰত মৃত্যু হ’ল যুৱ সাংবাদিক, যোৰহাটৰ অনুৰাগ কটকীৰ ( Assamese journalist working in Singapore dies) ৷
যোৰহাটৰ এগৰাকী সু-সন্তান তথা আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ব্লুমবাৰ্গৰ ছিংগাপুৰত কৰ্মৰত 38 বছৰীয়া যুৱ সাংবাদিক অনুৰাগ কটকীৰ আকস্মিক বিয়োগে এতিয়া মৰ্মাহত কৰি তুলিছে সকলোকে ৷ শনিবাৰে দুপৰীয়া সাংবাদিকগৰাকীয়ে ছিংগাপুৰস্থিত বাসভৱনত গা ধুই থকা অৱস্থাতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ আকস্মিক মৃত্যুক সাৱটি লয় বুলি পৰিয়ালে লোকে জনানিবলৈ দিয়ে (Young Assamese journalist died in Singapore) ৷
যোৰহাটৰ বঙাল পুখুৰীৰ প্ৰগতি নগৰত 1985 চনত জন্ম লাভ কৰা অনুৰাগ কটকীয়ে স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল যোৰহাটৰ জোনাকী সংঘ বিদ্যালয়ত ৷ যোৰহাটৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়ত গ্ৰহণ কৰিছিল উচ্চতৰ মাধ্যমিকৰ শিক্ষা, আৰু ক্ৰমাগত ভাবে উচ্চ শিক্ষা গ্ৰহণ কৰিছিল দিল্লীত ৷ IMC ৰ অধীনত সাংবাদিকতাৰ পাঠ্যক্ৰম সামৰি যোগদান কৰিছিল ৰয়টাৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিস্থানত ৷