তিতাবৰ, 7 এপ্ৰিল : গোলাঘাট জিলাৰ মেৰাপানীৰ ভেলৌগুৰি জয়পুৰ গাঁৱত মঙলবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড । স্বামীয়ে কেৰচিন তেল ঢালি নিজ পত্নীক জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ পাৰিবাৰিক কন্দলৰ পৰিণতিতে ফুকন বৰা নামৰ লোকজনে নিশাৰ ভাগত পত্নী ইলাচি বৰাক কেৰাচিন ঢালি জ্বলাই দিয়া বুলি জানিব পৰা গৈছে ৷
অভিযোগ অনুসৰি, পতি-পত্নীৰ মাজত হোৱা বাক-বিতণ্ডাই শেষত ভয়ংকৰ ৰূপ ধাৰণ কৰে । খঙত অগ্নিশৰ্মা হৈ কেৰাচিন তেল পত্নীৰ দেহত ঢালি দি পত্নীক হত্যাৰ চেষ্টা চলায় স্বামী ফুকন বৰাই । বুধবাৰে পুৱাৰ ভাগত হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় লোকসকলে ক্ষোভিত হৈ এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে অভিযুক্ত ফুকন বৰাৰ বাসগৃহৰ চৌহদত । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত আৰক্ষী আৰু চিআৰপিএফ জোৱান উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।