টীয়ক, 2 জুন : কৰ’ণা মহামাৰীৰ সংক্ৰমণক ৰুধিবলৈ চৰকাৰে ঘোষণা কৰা আংশিক লক ডাউনৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু খাটিখোৱাৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷ কৰ’ণাকালীন এই সময়ছোৱাত বহু লোক আৰ্থিক অনাটনৰ সন্মুখীন হোৱাৰ লগতে চৰকাৰে বান্ধি দিয়া নিয়মাৱলীৰ বাবে ঘৰতে থাকিবলগীয়া হৈছে জনসাধাৰণ ৷ কিন্তু তাৰ মাজতে টীয়কৰ কাকজান সোণাৰী গাঁৱৰ ৰাইজে এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷
যিহেতু প্ৰতিদিনেই চৰকাৰী নিৰ্দেশনা অনুসৰি দিনৰ ১১ বজাৰ পাছত ব্যৱসায়-বাণিজ্য, স্কুল-কাছাৰী আদি সকলো বন্ধ হৈ পৰে ৷ সেয়ে বাকী সময়ছোৱাত ঘৰতে শুই বহি নাথাকি সোণাৰীগাঁৱৰ একাংশ যুৱকে বুধবাৰৰ পৰা প্ৰায় ৩0 বছৰ পূৰ্বে গাঁওখনত প্ৰয়াত প্ৰাক্তন মন্ত্ৰী সিংহ যুৱক খ্যাত ললিত চন্দ্ৰ ৰাজখোৱাৰ দিনত স্থাপন হোৱা সোণাৰী ভৰলুৱা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ গ্ৰাম্য পানী যোগান আঁচনিৰ প্ৰকল্পটো হাতে কামে লাগি চাফ চিকুন কৰাত ব্যস্ত হৈ পৰিছে । এই ক্ষেত্ৰত যুৱকসকলে চৰকাৰী সকলো ক’ভিড নিৰ্দেশনা অৱলম্বন কৰি উক্ত প্ৰকল্পত শ্ৰম দান আগবঢ়াইছে ।