যোৰহাট, নৱেম্বৰ 11 : এইখন অসমত নঘটে কি ? গণেশে পানী খায়,নন্দী ভিন্দিয়েও পানী খায় ৷ অলপ নহয় খালে ঢোকে ঢোকে খায় ৷ আচৰিত নহয়নে কথাষাৰ ৷ এইবাৰ তুলসীয়ে পানী খাইছে যোৰহাটৰ তিতাবৰ বোকাহোলা চাহ বাগিচাৰ মজদুৰ লাইনৰ এজন ব্যক্তিৰ ঘৰত । অন্ধবিশ্বাসৰ চূড়ান্ত সমৰ্থক সকলৰ বাবেই সময়ে সময়ে এনেদৰে গণেশ, নন্দী ভিন্দিয়ে পানী খায় । সঁচা অৰ্থত বিজ্ঞান মানসিকতাৰ অভাৱ নে অলৌকিকতা ? যোৰহাটত যি ঘটিল তাকে লৈ একাংশ অন্ধবিশ্বাসী লোকে চলালে পূজা পাঠ, বিভিন্নজনৰ বিভিন্ন বিশ্লেষণ ।
বিজ্ঞানৰ যুগতো তেওঁলোকৰ মতে স্বয়ং তুলসী দেৱী আৱিৰ্ভাৱ হৈছে । কিন্তু আমি আপোনালোকৰ আগত ফাদিল কৰিম প্ৰকৃত সত্য কি ? সঁচাকৈ তুলসী গছে পানী খায় নেকি ? মুখ নোহোৱাকৈ কেনেকৈ পাতে পানী খাব পাৰে পানী ,মন কৰক এই দৃশ্যলৈ । বিজ্ঞানে কি কয় ? আমি সত্য উদ্ঘাটনৰ বাবে কাষ চাপিছিলো জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক বুবুল চন্দ্ৰ নেঁওগৰ ।