অসম

assam

ETV Bharat / state

এজাক বৰষুণতে জলমগ্ন যোৰহাটৰ কাকজান স্বাস্থ্য কেন্দ্ৰত

যোৰহাটৰ কাকজান স্বাস্থ্য কেন্দ্ৰত ভিতৰলৈ সোমাব নিবিচাৰে ৰোগীয়ে । এজাক বৰষুণতে স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰতিটো কোঠাত হয় একাঠু পানী। 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা এইখন চিকিৎসালয়ৰ এনে কদৰ্য পৰিৱেশে স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাইছে।

By

Published : Apr 30, 2019, 8:44 PM IST

এজাক বৰষুণতে জলমগ্ন যোৰহাটৰ কাকজান স্বাস্থ্য কেন্দ্ৰত

টীয়ক,30 এপ্ৰিলঃ যিসময়ত স্বাস্থ্যমন্ত্ৰীৰ মুখত সভাই সমিতিয়ে ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ অভূতপূৰ্ব পৰিৱৰ্তনৰ কথা শুনিবলৈ পোৱা যায় ঠিক সেই সময়তে 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা এখন চিকিৎসালয়ৰ কদৰ্যময় পৰিৱেশে বিভাগটোৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাইছে। টীয়কৰ কাকজান অঞ্চলৰ ৰাইজৰ একমাত্ৰ চিকিৎসাৰ ভৰসা কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো। এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক আছে, আছে ৰোগীও। কিন্তু এজাক বৰষুণতে হোৱা কদৰ্যময় পৰিৱেশে বিপদত পেলাইছে চিকিৎসাৰ বাবে অহা ৰোগীসকলৰ লগতে পৰিয়ালৰ লোকক ৷ যাৰ বাবে ৰোগীসকলে একাঠু পানীৰ মাজতে চিকিৎসা কৰিবলগীয়া হৈছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত ৷ স্থানীয় ৰাইজে বাৰম্বাৰ অভিযোগ কৰি আহিছে যদিও গা লৰা নাই বিভাগীয় বৰমূৰীয়াসকলৰ ।

এজাক বৰষুণতে জলমগ্ন যোৰহাটৰ কাকজান স্বাস্থ্য কেন্দ্ৰত

ABOUT THE AUTHOR

...view details