যোৰহাট, ১১ নৱেম্বৰ : ৰাজ্যৰ চৌদিশে এতিয়া ৰাসৰ উখল-মাখল পৰিৱেশ (Raas Leela in Assam) । সকলোতে কেৱল কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে আকাশ-বতাহ । শ্ৰীকৃষ্ণৰ ৰাসলীলাত মচগুল বিভিন্ন কলা-কুশলী । শ্ৰীকৃষ্ণৰ ৰাসলীলা উপলক্ষে আয়োজিত হৈছে কৃষ্ণকেন্দ্ৰিক নাট-ভাওনা (Assam celebrated Raas Leela) ।
এই নাট-ভাওনাত অংশগ্ৰহণ কৰিছে ৰাজ্যৰ বিভিন্ন নবীন-প্ৰবীণ শিল্পী-অভিনেতাই । বাদ পৰি থকা নাই ৰাজনৈতিক ব্যক্তিত্বও । নিজৰ অভিনয় প্ৰতিভা আৰু নাট্যশৈলীৰে দৰ্শকৰ মন মুহিছে তেনে বহুকেইজন ব্যক্তিয়ে । এইবাৰ শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাত সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ৰূপত অভিনয় কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে (Morioni MLA Rupjyoti Kurmi) । ৰাস মহোৎসৱস্থলীত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অভিনয় চাবলৈ ৰাইজৰ ব্যাপক হাৰত সমাবেশ পৰিলক্ষিত হয় ।
মৰিয়নিত আয়োজিত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত ব্ৰহ্মাৰ ৰূপত আৰ্ৱিভাৱ ঘটিল সততে চৰ্চাত থকা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ (Rupjyoti Kurmi as Brahma in Morioni Raas) । মৰিয়নিৰ উন্মিলন সংগীত বিদ্যালয় আৰু মৰিয়নি ৰাইজৰ সহযোগত মৰিয়নিৰ বাপুজী ষ্টেডিয়াত দুদিনীয়াকৈ আয়োজিত ৰাস মহোৎসৱত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ব্ৰহ্মাৰ চৰিত্ৰ ৰূপায়ণ কৰে ।